NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে তৃতীয়টো অভিযোগ দাখিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2019 10:57 am
prateek-hajela-new

কৃষক শ্ৰমিক উন্নয়ন পৰিষদে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে চূড়ান্ত এন আৰ চি তালিকাত খেলিমেলি কৰাৰ অভিযোগ তুলি তৃতীয়টো অভিযোগ দাখিল কৰিছে।

গুৱাহাটীৰ দিচপুৰ থানাত এই অভিযোগ দাখিল কৰা হৈছে।

কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই কয় যে আৰক্ষীয়ে হাজেলাৰ বিৰুদ্ধে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ’লে সংগঠনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

কৃষক শ্ৰমিক উন্নয়ন পৰিষদে অভিযোগ দাখিল কৰাৰ উপৰি এল ইণ্ডিয়া লীগেল এইড ফাউণ্ডেশ্যনৰ এগৰাকী সদস্য চন্দন মজুমদাৰে অলপতে হাজেলাৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ১৬৬/১৬৭ধাৰাৰ অধীনত ডিব্ৰুগড় থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

মজুমদাৰে জানিবলৈ দিয়ে যে তেওঁ ভাৰতীয় নাগৰিকত্ব প্ৰমান কৰিবলৈ তেওঁৰ পৰিয়ালৰ ১৯৫১ চনৰ এন আৰ চিৰ তথ্যসহ সকলো প্ৰয়োজনীয় নথি দাখিল কৰিছিল।

‘’মই এগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিক আৰু মোৰ পিতৃ-মাতৃ ১৯৪৭চনত ডিব্ৰুগড়ত স্থায়ীভাৱে বসতি কৰিছিল। কিন্তু তাৰ পাছতো মোৰ নাম চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰিছে,’’-মজুমদাৰে কয়।

আনহাতে, এন আৰ চিত খেলিমেলিৰ অভিযোগ তুলি সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে হাজেলাৰ বিৰুদ্ধে গুৱাহাটীত আন এক অভিযোগ দাখিল কৰিছিল।

উল্লেখ্য যে যোৱা ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশপাইছিল য’ত ১৯ লাখতকৈয়ো অধিক লোকৰ নাম বাদ পৰিছে।