NORTHEAST NOW (Assamese)
Popular Stories

তৃতীয় লিংগৰ প্ৰমাণপত্ৰক পেন কাৰ্ডৰ আবেদনৰ সময়ত বৈধ নথি হিচাপে গণ্য কৰা হ’ব- উচ্চতম ন্যায়ালয়

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 29, 2024 4:46 pm

পেন কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত সমকামীৰ পৰিচয় প্ৰমাণপত্ৰৰ বৈধ নথি হিচাপে গ্ৰহণ কৰা হ’ব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই মন্তব্য কেন্দ্ৰই। বিহাৰৰ এগৰাকী তৃতীয় লিংগৰ ব্যক্তি আৰু সমাজ কৰ্মীয়ে পান কাৰ্ডত তৃতীয় লিংগৰ বিকল্পৰ অভাৱক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে সেই গোচৰৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ বক্তব্য জানিব বিচাৰিছিল। বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰই।

বিহাৰৰ পৰা তৃতীয় লিংগৰ বিবাদীজনে ২০১২ চনত পেন কাৰ্ড বনোৱা বুলি উল্লেখ কৰে। সেই সময়ত তেওঁৰ লিংগ পুৰুষ বুলি উল্লেখ কৰা হৈছিল। ২০১৫-১৬ আৰু ২০১৬-১৭ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণো পুৰুষ হিচাপে দাখিল কৰে। আধাৰ কাৰ্ডত তৃতীয় লিংগক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আদালতৰ নিৰ্দেশৰ পিছতে কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰে। এতিয়া আধাৰ নথিত আৱেদনকাৰীক লিংগ পৰিৱৰ্তনকাৰী হিচাপে স্বীকৃতি দিয়া হৈছে। এনে পৰিস্থিতিত তেওঁৰ পান কাৰ্ডত তেনে কোনো উল্লেখ নাছিল। তেওঁ আধাৰ কাৰ্ডৰ দৰে পেন কাৰ্ডত তৃতীয় লিংগৰ বিকল্প সংযোজন কৰিবলৈ অনুৰোধ জনায়।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ এহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে কয় যে কেন্দ্ৰীয় চৰকাৰে নীতিগতভাৱে বিষয়টোত সন্মতি প্ৰকাশ কৰিছে। বিষয়টো অধিক স্বচ্ছ কৰিবলৈ উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিছিল যে কেন্দ্ৰই ইয়াক পেন নিয়মৰ সৈতেও সংলগ্ন কৰিব লাগে। উচ্চতম ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে লক্ষ্য কৰিছে যে, “আমি এই বিষয়ত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছো। এই গোচৰৰ প্ৰায় সকলো দাবী কেন্দ্ৰই মানি লৈছে।”

কেন্দ্রই উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে যে তৃতীয় লিংগৰ পৰিচয় পত্ৰ পান কাৰ্ডৰ বাবে বৈধ নথি হিচাপে গ্ৰহণ কৰা হ’ব। কেন্দ্ৰৰ মতে, জিলা দণ্ডাধীশে প্ৰদান কৰা তৃতীয় লিংগৰ পৰিচয় প্ৰমাণপত্ৰ ট্ৰেন্সজেণ্ডাৰ (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ৰ অধীনত যিকোনো পেন কাৰ্ডৰ আবেদনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।