NORTHEAST NOW (Assamese)
Popular Stories

প্ৰথমবাৰলৈ পেৰেডত তৃতীয় লিংগৰ জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2023 10:31 am

আজি গণৰাজ্য দিৱসৰ পেৰেডত  দেশত প্ৰথমবাৰলৈ অংশ ল’ব তৃতীয় লিংগৰ জোৱানে। ছত্ৰিশগড়ৰ জগদলপুৰত হোৱা পেৰেডত আজি কেইবাগৰাকীও তৃতীয় লিংগৰ ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব।

‘বাষ্টাৰ ফাইটাৰ্ছ’ৰ পেৰেডত  আজি  ৯ গৰাকী তৃতীয় লিংগৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে বাষ্টাৰ ফইটাৰ্ছৰ হৈছে ছত্ৰিশগড়ৰৰ জনজাতীয় লোকেৰে গঠিত ২,১০০ লোকৰ এটি সেনা বাহিনী। মাওবাদী সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভ কৰা এই সেনা বাহিনীটো।

পোনপ্ৰথম বাৰৰ বাবে এই বাহিনীটোত ৯ গৰাকীকৈ তৃতীয় লিংগৰ ব্যক্তিক সেনা জোৱান হিচাপে নিযুক্তি দিয়া হৈছিল। এইবাৰ প্ৰথমবাৰলৈ উক্ত গোটেই বাহিনীটোৰ ৯ গৰাকী ব্যক্তিয়েই পেৰেডত অংশ গ্ৰহণ কৰিব।

বাষ্টাৰ অঞ্চলৰ আইজিপি পি সুন্দৰৰাজে বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।

উল্লেখ্য যে ৭৪ সংখ্যক গণৰাজ্য দিৱসত এই পেৰেডত মুখ্যমন্ত্ৰী ভূপাশ বাঘেলেও অংশ গ্ৰহণ কৰিব।