NORTHEAST NOW (Assamese)

এক কিলো চাহপাতৰ মূল্য ১.১৫ লাখ টকা! অসমতে উঠিছে চাহপাতৰ এই দৰ!

December 17, 2022 10:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 17, 2022 11:54 pm

চাহখেতিৰ বাবে অনন্য সুনাম থকা অসমৰ চাহে বিশ্বজুৰি যথেষ্ট আদৰ লাভ কৰি আহিছে। চাহে ৰাজ্যৰ অৰ্থনীতিৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পিছে চাহ ‘সুলভ’ অসমত এক কিলোগ্ৰাম চাহৰ দৰ লাখ টকা হ’ব পাৰে বুলি আপোনাৰ বিশ্বাস হ’বনে!

অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। অসমৰে এবিধ বিশেষ চাহ প্ৰতি কিলোগ্ৰামত ১.১৫ লাখ টকা মূল্যত বিক্ৰী হৈছে। এই চাহবিধ হৈছে ডিব্ৰুগড় জিলাত উৎপাদিত ‘মনোহৰী চাহ’।

এই বিশেষ চাহ উৎপাদন হোৱা চাহ বাগিচাখনৰ স্বত্বাধিকাৰী ৰাজন লোহিয়াই জানিবলৈ দিয়া মতে শুকুৰবাৰে ব্যক্তিগত পৰ্টেল ‘টি ইনটেক’ত নিলামত ‘মনোহৰী গোল্ড টি’ এই বিপুল পৰিমাণৰ মূল্যত বিক্ৰী হয়।

তেওঁ লগতে কয় যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (GTAC)ত চাহ ব’ৰ্ড ইণ্ডিয়াই প্ৰতি কিলোগ্ৰামত চাহৰ সৰ্বোচ্চ বিক্ৰী মূল্যৰ সীমা নিৰ্ধাৰণ কৰি দিয়াৰ বাবে এইবাৰ চাহবিধ ব্যক্তিগত নিলামত বিক্ৰী কৰিবলগীয়া হৈছিল।

“কোনাধৰণৰ নিলামত চাহৰ ক্ষেত্ৰত লাভ কৰা এয়াই হৈছে সৰ্বাধিক মূল্য।”— স্বত্বাধিকাৰী ৰাজন লোহিয়াই লগতে কয়।

লোহিয়াই জানিবলৈ দিয়া মতে ‘আৰ কে টি চেলছ্’- এ এই বৃহৎ পৰিমাণৰ দৰত এই বিশেষ চাহবিধ ক্ৰয় কৰিছে। উল্লেখ্য যে ইতিপূৰ্বেও মনোহৰী গ’ল্ড টি- এ সৰ্বাধিক বিক্ৰী মূল্যৰ বাবে অভিলেখ গঢ়ি ঠৈছে।

২০২১ চনৰ ডিচেম্বৰ মাহত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰাম মনোহৰী গ’ল্ড টি ৯৯,৯৯৯ টকা দৰত বিক্ৰী হৈছিল।

Related News