NORTHEAST NOW (Assamese)

ক’ৰ’ণা ৰোগী ধৰা পৰাৰ পাছতো কিয় ছিল কৰা নহ’ল গুৱাহাটীৰ এটা বিশেষ বেংক?

June 10, 2020 10:51 pm · কল্পজ্যোতি শইকীয়া

মহানগৰীত ক্ৰমাৎ বাঢ়ি গৈছে ক’ৰ’ণা ৰোগীৰ সংখ্যা; তাৰ সমান্তৰালকৈ বাঢ়ি গৈছে কন্টেইনমেন্ট জ’নৰ সংখ্যা।

য’ত কোভিদ-১৯ পজিটিভ ৰোগী পোৱা গৈছে সেই অঞ্চলকে ঘোষণা কৰা হৈছে কন্টেইনমেন্ট জ’ন।

আনকি কোনো প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰী বা বিষয়াৰ দেহত কোভিদ-১৯ পজিটিভ ধৰা পৰিলে সেই প্ৰতিষ্ঠানসমূহ ১৪ দিনৰ বাবে ছীল কৰি দিয়ে প্ৰশাসনে।

তাৰেই এক উদাহৰণ মাছখোৱাস্থিত এলাহাবাদ বেংকৰ শাখা। ফাঁচিবজাৰৰ একাংশ কোভিদ-১৯ আক্ৰান্তই বেংকটোত ধনৰ লেনদেন কৰাৰ বাবেই বেংকটো কেইবাদিনৰ বাবে বন্ধ কৰি দিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

কিন্তু  মহানগৰ গুৱাহাটীত এইবোৰৰ এক বিপৰীত ছবি পোহৰলৈ আহিছে।

মহানগৰীৰ এ টি ৰোডস্থিত নাগৰিক সমবায় বেংকত যোৱা শনিবাৰে ধৰা পৰিছিল এগৰাকী কোভিদ-১৯ পজিটিভ ব্যক্তি।

বেংকটোত কৰ্মৰত কৃষ্ণ কমল শইকীয়া নামৰ কৰ্মচাৰীগৰাকী কোভিদ-১৯ ধৰা পৰিছিল।

কিন্তু আশ্চৰ্য্যজনকভাৱে বেংকটো কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কন্টেইনমেন্ট জ’ন ঘোষণা কৰা বাদেই ছীল কৰা নহ’ল বেংকটো।

কেৱল এখন কাগজৰ পোষ্টাৰ লগায়েই দায়িত্ব সমাৰিছে বেংক কৰ্তৃপক্ষই। য’ত লিখা আছে– বেংক তিনিদিনৰ বাবে বন্ধ ৰখা হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে অহা শুকুৰবাৰৰ পৰা বেংকটো খোলাৰ নিৰ্দেশনা দিছে বেংক কৰ্তৃপক্ষই।

বেংকটোৰ কৰ্মচাৰীৰ এক সূত্ৰই জনাইছে এই কথা।

কিন্তু নিয়ম অনুসৰি কোনো ব্যক্তি কোভিদ-১৯ পজিটিভ ধৰা পৰিলে তেওঁৰ সংস্পৰ্শলৈ অহা লোকৰ স্বাব সংগ্ৰহ কৰাৰ লগতে তেওঁলোকক প্ৰথম অৱস্থাত ১৪ দিনৰ বাবে কুৱাৰেন্টাইনত ৰখা হয়।

তাৰ বিপৰীতে অহা শুক্ৰবাৰৰ পৰা অৰ্থাৎ মাত্ৰ পাঁচদিন মূৰত বেংকলৈ কৰ্মচাৰীক আহিবলৈ দিয়া নিৰ্দেশনাই এতিয়া হতাশগ্ৰস্ত কৰিছে বেংকৰ কৰ্মচাৰীক।

ইপিনে, বেংকটোৰ তলৰ মহলাত আছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। আজিও খোলা আছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।

কোভিদ-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ পাছত মাত্ৰ এদিনৰ বাবে বন্ধ ৰখা হৈছিল তলৰ মহলাৰ বিপনীসমূহ। তাৰ পাছতে মুকলি কৰা হ’ল বিপনীসমূহ।

আনকি প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰীয়ে নিজৰ প্ৰচেষ্টাৰে প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলৰ স্বাব টেষ্ট কৰায়।

এইক্ষেত্ৰতো কাণষাৰ নাই স্বাস্থ্য বিভাগ নাইবা জিলা প্ৰশাসনৰ।

প্ৰশাসন কিম্বা গুৱাহাটী পৌৰ নিগমে উক্ত বেংকটো চেনিটাইজ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

“এই নাগৰিক সমবায় বেংকত এগৰাকী কোভিড ৰোগী ওলোৱাৰ পাছত আমি নিজৰ ফালৰ পৰা দোকানখিনি বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিলো। আমি নিজে আমাৰ কৰ্মচাৰী আৰু আমিও GMCHত নিজে গৈ স্বাব টেষ্ট কৰাইছিলো। কিন্তু প্ৰশাসনে এইক্ষেত্ৰত আমাক কোনো সহায় কৰা নাছিল। আনকি আমি নিজেই মানুহ লগাই দোকানসমূহ আৰু চৌপাশ চেনিটাইজ কৰাইছিলো।” এখন দোকানৰ ব্যৱসায়ী এম.কে জৈনে আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

প্ৰশ্ন হয়, ক’ৰ’না প্ৰতিহত কৰা যুঁজখনত আপুনি বা আমি নিৰন্তৰে যুঁজ দি আহিছো যদিও এনে কিছুমান ভুলৰ বাবেই এয়া অসাৰ প্ৰতিপন্ন হ’ব নেকি যুঁজখন?

ইতিমধ্যে কামৰূপ মহানগৰ জিলাত ১২-১৩গৰাকীকৈ লোক সামাজিক সংক্ৰমণৰ দ্বাৰা ক’ৰ’ণাত আক্ৰান্ত হৈছে।

তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অধিক তৎপৰতা অৱলম্বন কৰিছে যদিও কিয় ৰৈ গৈছে এনে কেতবোৰ ভয়ংকৰ আসোঁৱাহ?

কাৰ আশিসপুষ্ট হৈ বেংক কৰ্তৃপক্ষই ক’ৰ’ণা ৰোগী পোৱাৰ ৫দিন পাছতে বেংক মুকলি কৰাৰ সাহস পালে?

এনে কেতবোৰ প্ৰশ্নই উত্থাপন হৈছে সচেতন মহলত।

এই প্ৰশ্ন কৰিবৰ বাবে আমি বাৰম্বাৰ বেংকটোৰ মুখ্য কাৰ্য্যালয়ৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিলো যদিও কোনো উত্তৰ লাভ নকৰিলো।

Related News