NORTHEAST NOW (Assamese)
অসম

তামুলপুৰৰ যুৱকৰ দুয়োটা বৃক্ক বিকল, চিকিৎসাৰ বাবে স্বাস্থ্য মন্ত্ৰী, ৰাইজৰ সহায় আহ্বান

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 17, 2020 6:41 pm
This man from Tamulpur needs your help

বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ গাতে লাগি থকা বাৰাঙ্গাবাৰী গাঁও নিবাসী প্ৰয়াত ৰাজনী কলিতাৰ পুত্ৰ মনোজ কলিতা  নামৰ এজন যুৱকৰ দুয়োটা বৃক্ক বিকল হৈ শয্যাগত হৈ আছে।

প্ৰায় আঠ মাহ ধৰি অসুস্থ হৈ জীৱন আৰু মৃত্যুৰ সতে যুজঁ দি শয্যাগত হৈ আছে মনোজ কলিতা নামৰ ২৬ বছৰীয়া এই যুৱকজন।

প্ৰতি মুহূৰ্ততে মৃত্যুৰ ক্ষণ গনি আছে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম যুৱক মনোজ। মনোজ পেছাত এজন ট্ৰাক চালক।

লকডাউনৰ কিছুদিন পূৰ্বে মনোজ সম্পূৰ্ণ শৰীৰ ফুলি উঠি অসুস্থ হোৱাত গুৱাহাটী মেডিকেল কলেজ হস্পাতালত ভৰ্তি হৈছিল আৰু তাত তেওঁৰ দুয়োটা বৃক্ক প্ৰায় বিকল হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল চিকিৎসকে।

গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত কিছুদিন চিকিৎসা কৰাৰ পিছত কৰোনাৰ বাবে আৰু অৰ্থ সংকটত ভোগা বাবে  মনোজক পিছত ঘৰলৈ উভতাই লৈ অনা হয়।

ইপিনে মনোজৰ মাতৃয়েও চকুৰে ভালদৰে নেদেখে আৰু শাৰীৰিক অসুস্থতাত ভুগি আছে। অৰ্থৰ অভাৱত চিকিৎসকে দিয়া ঔষধ কিনিব নোৱাৰি অতি সম্প্ৰতি ঘৰতে বিনা চিকিৎসাই মৃত্যুৰ সতে যুঁজি আছে যুৱকজন।

ভালদৰে খাবলৈও নাপায় যুৱকজনৰ লগতে বৃদ্ধ মাতৃয়ে। কেতিয়াবা গাঁওৰ মানুহে অলপ পইচা দি পৰিয়ালটোক সহায় কৰে যদিও সেয়া যথেষ্ট নহয় বাবে মাজে সময়ে লঘোণে দিন কটাবলগীয়া হৈছে।

চকুপানীৰে বাট বুলিছে বৃদ্ধা মাতৃ আৰু আত্মীয় স্বজনে। একমাত্ৰ উপার্জনক্ষম মানোজৰ অসুস্থতাৰ বাবে মুখৰ মাত হেৰুৱাইছে মাতৃয়ে।

মাতৃ আৰু আত্মীয় স্বজনে কেৱল নেদেখাজনক প্ৰাৰ্থনা জনাইছে মানোজৰ আশু আৰোগ্য কামনাৰে।

অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক মানোজৰ চিকিৎসাৰ নামত ইতিমধ্যেই পৰিয়ালটোৱে সৰ্বস্ব হেৰুৱাইছে।

মনোজৰ বৃক্কৰ চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়োজন হৈছে বহু পৰিমাণৰ ধন।

অসম চৰকাৰ, অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হৃদয়বান লোকৰ পৰা পৰিয়ালটোৱে মনোজৰ চিকিৎসাৰ বাবে  বিচাৰিছে সহায় আৰু আৰ্থিক সাহায্য।

কোনো লোকে মনোজক আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিলে মানোজৰ  নামত ভাৰতীয় ষ্টেট বেংকৰ তামুলপুৰ  শাখাত থকা একাউন্ট নম্বৰত ধন জমা কৰিবলৈ অনুৰোধ জনাইছে।

একাউন্ট নম্বৰটো ২০৩০৭১৭৭৭২২, আইএফএছচি কোড এছ বি আই এন ০০১৫০২৬ (SBIN0015026)।

কোনো লোকে সহায় কৰিব বিচাৰিলে দূৰভাষ নম্বৰ ৭০৯৯২১২২৫৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।