NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2025 7:43 pm

ফ্ৰান্সৰ ৰাফেল যুদ্ধ বিমান এতিয়া ভাৰতৰ মাটিত নিৰ্মাণ হব! টাটা গ্ৰুপে ডাছল্ট এভিয়েশনৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। চুক্তি অনুসৰি যুদ্ধ বিমানখনৰ মূল গঠন ভাৰতত টাটা এডভান্সড চিষ্টেমছ লিমিটেডে নিৰ্মাণ কৰিব। হায়দৰাবাদৰ টি এ এছ এলৰ কাৰখানাত নিৰ্মাণ হব ৰাফেল।

সংবাদ মাধ্যমক দিয়া এক বিবৃতিত টাটা গ্ৰুপে কয় যে চুক্তি অনুসৰি ২০২৮ চনৰ পৰা হায়দৰাবাদত ৰাফেলৰ উৎপাদন আৰম্ভ হব।প্ৰতিমাহে দুটাকৈ ৰাফেলৰ গঠন নিৰ্মাণ কৰিব পাৰিব। খবৰ অনুসৰি ভাৰতীয় সেনাবাহিনীৰ লগতে আন দেশলৈও টাটা নিৰ্মিত ৰাফেল যোগান ধৰা হব।

কেইবছৰমানৰ আগতে টাটাই স্পেইনৰ কোম্পানী ‘এয়াৰবাছ ডিফেন্স এণ্ড স্পেচৰ সৈতে চুক্তিবদ্ধ হৈছিল। সেই সময়ত ভাৰতত চি-২৯৫ মধ্যম ক্ষমতাসম্পন্ন সামৰিক পৰিবহণ বিমান নিৰ্মাণৰ বাবে চুক্তি স্বাক্ষৰিত হৈছিল। আনহাতে, ২০১৬ চনৰ চুক্তি অনুসৰি ভাৰতীয় বায়ুসেনাক পৰ্যায়ক্ৰমে ৩৬ খন ৰাফেল যোগান ধৰিছে ডাচল্ট এভিয়েশনে। যোৱা এপ্ৰিল মাহত ফ্ৰান্সৰ যুঁজাৰু বিমান নিৰ্মাতা কোম্পানী আৰু নতুন দিল্লীৰ মাজত ২৬খন নতুন পঞ্চম প্ৰজন্মৰ ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ বাবে চুক্তি স্বাক্ষৰিত হৈছিল।