NORTHEAST NOW (Assamese)
দেশ

যোৱা ১২৩ বছৰৰ ভিতৰত এই নবেম্বৰ মাহেই আছিল সৰ্বাধিক উষ্ণ : বতৰ বিজ্ঞান কেন্দ্ৰৰ চাঞ্চল্যকৰ তথ্য

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 3, 2024 7:32 pm
যোৱা ১২৩ বছৰৰ ভিতৰত এই নবেম্বৰ মাহেই আছিল সৰ্বাধিক উষ্ণ : বতৰ বিজ্ঞান কেন্দ্ৰৰ চাঞ্চল্যকৰ তথ্য

গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে আলোচনা হয় যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। শেহতীয়াকৈ আই এম ডিয়ে দিয়া তথ্য অতি আতংকজনক। আই এম ডিৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ নৱেম্বৰ মাহটো এই শতিকাৰ দ্বিতীয় উষ্ণ নবেম্বৰ মাহ আছিল!

আইএমডিৰ তথ্য অনুসৰি চলিত বৰ্ষৰ নৱেম্বৰ মাহত সৰ্বোচ্চ গড় উষ্ণতা আছিল ২৯.৩৭ ডিগ্ৰী। যোৱা ১২৩ বছৰৰ ভিতৰত ই সৰ্বাধিক। পৰিসংখ্যা অনুসৰি ২০২৪ চনৰ নৱেম্বৰ মাহত সৰ্বোচ্চ গড় উষ্ণতা ০.৬২ ডিগ্ৰী বেছি হোৱাৰ বিপৰীতে সৰ্বনিম্ন গড় উষ্ণতা স্বাভাৱিক উষ্ণতাতকৈ ১.০৫ ডিগ্ৰী বেছি।

গোটেই নৱেম্বৰ মাহত দেশৰ বিভিন্ন ঠাইত দিনৰ গড় উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে ৰাতিৰ গড় উষ্ণতাও বৃদ্ধি পালে।

বতৰ বিজ্ঞানীসকলৰ মতে, পৰ্যাপ্ত পৰিমাণৰ ঘূৰ্ণীবতাহ আৰু পশ্চিমীয়া বতাহৰ অভাৱৰ বাবে নৱেম্বৰ মাহত ইমান উচ্চ তাপমাত্ৰাৰ সৃষ্টি হৈছিল। এক কথাত কবলৈ গলে যোৱা এমাহৰ ভিতৰত দেশত সঠিকভাৱে বৰষুণ হোৱা নাই৷

উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ বৃহৎ অঞ্চলত বিশেষ বৰষুণ হোৱা নাছিল বুলি আইএমডিয়ে জানিবলৈ দিয়ে। গৱেষকসকলৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিয়েই ইয়াৰ মূল কাৰণ।