NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ প্ৰতিষেধক ‘স্পুটনিক-ভি’ গ্ৰহণ কৰিলে দুমাহ পান কৰিব নোৱাৰিব সুৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2020 4:53 pm

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকা সময়ত বিশ্বৰ ভিতৰত প্ৰথম ক’ৰ’নাৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছিল ৰাছিয়াই।

ৰাছিয়াই তেওঁলোকৰ ক’ৰ’নাৰ প্ৰতিষেধক ‘স্পুটনিক-ভি’ মুকলি কৰি ইয়াৰ শুদ্ধতাৰ হাৰ ৯০ শতাংশতকৈ অধিক বুলি দাবী কৰিছিল।

বিভিন্ন দেশে ৰাছিয়াৰ ক’ৰ’নাৰ প্ৰতিষেধক ক্ৰয় কৰাৰ বাবে দেশখনৰ ওচৰ চাপিছিল।

ভাৰততো ৰাছিয়াই স্পুটনিক-ভিৰ বিক্ৰীৰ অনুমোদন বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছিল আৰু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ইয়াৰ প্ৰতি সহাৰি দিছিল।

এতিয়া ৰাছিয়াই তেওঁলোকৰ স্পুটনিক-ভি প্ৰতিষেধক গ্ৰহণ কৰা লোক সকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

ৰাছিয়াৰ আন্না পোপ’ভাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি যিসকল লোকে ক’ৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰিছে তেওঁলোকক দুমাহ পৰ্যন্ত সুৰা সেৱন নকৰিবলৈ সাৱধান কৰি দিছে।

স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি ৰাছিয়াৰ ক’ৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰিব বিচৰা লোক সকলে প্ৰতিষেধক গ্ৰহণৰ পূৰ্বে দুসপ্তাহ সুৰা বা এলকহল জাতীয় সামগ্ৰী সেৱনৰ পৰা আতৰি থাকিব লাগিব আৰু প্ৰতিষেধক গ্ৰহণৰ পাছত প্ৰায় দুমাহ পৰ্যন্ত সুৰা পানৰ পৰা আতৰি থাকিব লাগিব।