NORTHEAST NOW (Assamese)
অসম

চীনত বিয়পিছে নতুন বীজাণু; সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাব বহুজনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2020 2:47 pm
adt

যেন মাৰাত্মক বীজাণুৰ অভিকেন্দ্ৰত পৰিণত হৈছে চীন।

ক’ৰ’ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণ ঘটা চীনত এইবাৰ আতংকৰ সৃষ্টি কৰিছে আন এবিধ বীজাণুৱে।

এই নতুন বীজাণু বিধ এতিয়ালৈকে প্ৰাণ ঘাতক হৈ উঠা নাই  যদিও বীজাণু বিধে আক্ৰান্ত কৰা লোক সকলে চিৰ জীৱনৰ বাবে সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই পেলাব পাৰে বুলি বিজ্ঞানী সকলে কৈছে।

চীনৰ গানছু প্ৰদেশত বিয়পি পৰা এই নতুন বীজাণু বিধৰ নাম ব্ৰুছেলা।

দৰাচলতে মানুহৰ ভুলৰ বাবেই এই বেক্টেৰিয়া বিধ চীনৰ বৃহৎ অঞ্চলত বিয়পি পৰিছে।

চীনৰ গানছু প্ৰদেশৰ জংমু লানজৌ বায়’ল’জিকেল ফাৰ্মাচিউটিকেল নামৰ প্ৰতিষ্ঠানটোৰ পৰা যোৱা বছৰৰ আগষ্ট মাহত বতাহত বিয়পি পৰিছিল এই বেক্টেৰিয়া।

চীনৰ স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা মতে কেৱল গানছু প্ৰদেশতে এই বেক্টেৰিয়াত আক্ৰান্ত হৈছে ১১,৪০১ গৰাকী লোক।

সমগ্ৰ দেশখনত আক্ৰান্তৰ সংখ্যাই ২৯ হাজাৰৰ ঘৰ পাৰ কৰিছে।

এই বেক্টেৰিয়াত আক্ৰান্ত হোৱা জনে জ্বৰ,কাহ,গাঁঠিৰ বিষ আদিত ভোগাৰ লগতে সন্তান জন্ম দিয়াৰো ক্ষমতা হেৰুৱাই পেলায়।

গৱেষণা প্ৰতিষ্ঠানটোত গৰু,ম’হৰ বাবে ভেকচিন প্ৰস্তুত কৰিবলৈ মজুত কৰা গেছ বতাহত মিহলি হৈ যোৱাৰ পিচতে এনে অথন্তৰ ঘটিছে।

ক’ৰ’ণা ভাইৰাছৰ দৰেই ব্ৰুছেলা বেক্টেৰিয়া বিধো বতাহৰ জৰিয়তে ভাৰত আহি পালে সেয়া হৈ পৰিব আন এক নতুন সমস্যা।