ভাৰতীয় ভিছা আবেদন বন্ধ; বিপদত বাংলাদেশৰ ইউৰোপগামী সহস্ৰাধিক শিক্ষাৰ্থী,কৰ্মৰত লোক

বিগত ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পট সলনি হোৱাৰ পিছত সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকাললৈ বন্ধ হৈ আছে ভাৰতীয় ভিছা আবেদন। ফলত বাংলাদেশৰ ইউৰোপগামী প্ৰায় ১৫০০ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোক বিপদত পৰিছে।দ্য বিজনেছ ষ্টেণ্ডাৰ্ডক বাংলাৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।
ভুক্তভোগীসকলে জনায় যে যিহেতু ইউৰোপৰ বহু দেশৰ বাংলাদেশত দূতাবাস নাই, সেয়েহে সেই দেশসমূহৰ বাবে ভিছা আৰু অন্যান্য সেৱাৰ বাবে ভাৰতীয় দূতাবাসৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
বৰ্তমান ভাৰতে ভিছা প্ৰদান বন্ধ কৰি দিয়াৰ বাবে তেওঁলোকে সেই ইউৰোপীয় দেশসমূহলৈ পঢ়া-শুনা বা কামৰ বাবে যাব পৰা নাই। একে সময়তে তেওঁলোকৰ ভিছা মাচুল আৰু টিউচনৰ ধন ঘূৰাই পোৱাৰ বাবেও চিন্তাৰ সৃষ্টি হৈছে।
এই ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই পূব ইউৰোপৰ দেশ পোলেণ্ড, বুলগেৰিয়া, ৰোমানিয়া, লিথুৱেনিয়া, হাংগেৰী, অষ্ট্ৰিয়াৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অফাৰ লেটাৰ লাভ কৰিছে।
লগতে পঢ়কঃ মেঘালয়ত আৱামী লীগৰ জ্যেষ্ঠ নেতাক হত্যা কৰাৰ দাবী খণ্ডন কৰিলে বি এছ এফে
টাৰ্গোভিষ্টৰ ৱালাহিয়া বিশ্ববিদ্যালয়ত সুযোগ পোৱা টানজিম হাছান তুছাৰে কয়, “আমি কেৱল ৰোমানিয়াৰ ৮০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ অনলাইন মেছেজিং গ্ৰুপৰ সৈতে সংযুক্ত হৈ আছো, যিসকলে বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অফাৰ লেটাৰ পোৱাৰ পিছত ভিছাৰ বাবে আবেদন কৰিছে। ইয়াৰে ভিতৰত, প্ৰায় ৩৫০ জনৰ এবছৰৰ টিউচন মাচুল বাংলাদেশী মূল্যত ৩ লাখৰ পৰা ৫ লাখ টকা বিশ্ববিদ্যালয়ৰ একাউণ্টত জমা হৈছে। এতিয়া ভিছাৰ বাবে আবেদন কৰাতদিল্লীৰ দূতাবাসত আমাৰ ভাইভা আছে। সেইটো দিব নোৱাৰিলে ভিছা পোৱা নাযাব। ছেপ্টেম্বৰৰ ভিতৰত ভিছা জমা দিব নোৱাৰিলে টিউচন মাচুল ৰিফাণ্ড নহ’ব।”
তুষাৰে জনায়, “জুন-জুলাই মাহত পূব ইউৰোপৰ বিভিন্ন দেশৰ পৰা প্ৰায় ১৫০০ ছাত্ৰ-ছাত্ৰীয়ে অফাৰ লেটাৰ লাভ কৰিছে। বহুতে জুলাই মাহৰ শেষৰ ফালে ভিছাৰ আবেদন আৰম্ভ কৰিছিল। আগষ্ট মাহত দিল্লীৰ ভাইভাৰ ডেট আছিল যদিও ভাৰতৰ ডাবল এন্ট্ৰে ভিছা আবেদন বন্ধ হৈ যায়। এতিয়া আমাৰ উচ্চ শিক্ষা অনিশ্চয়তাৰ মাজত আছে।”
বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত যোৱা ৭ আগষ্টত ভাৰতীয় ভিছা কেন্দ্ৰৰ ৱেবছাইটত দিয়া এটা বাৰ্তাত কোৱা হৈছে যে বাংলাদেশত অৱস্থিত সকলো ভাৰতীয় ভিছা কেন্দ্ৰ পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বন্ধ থাকিব। পৰৱৰ্তী আবেদনৰ তাৰিখ এছএমএছৰ জৰিয়তে জনোৱা হ’ব।
পৰ্তুগাললৈ যাবলৈ ইচ্ছুক ফাৰহাদে দ্য বিজনেছ ষ্টেণ্ডাৰ্ডক কয়, “মই পৰ্তুগালত ফাৰ্ম ৱৰ্কাৰ হিচাপে ৱৰ্ক পাৰ্মিট পাইছো। ২৯ তাৰিখে দিল্লীত থকা পৰ্তুগীজ দূতাবাসত মোৰ ভাইভা আছে। এতিয়া মই ভাৰতৰ বাবে ডাবল এন্ট্ৰি ভিছা নাপালে পৰ্তুগালৰ ৩৬০০ ইউৰোৰ ৰিফাণ্ডেৱল ভিছা মাচুল ঘূৰাই নাপাম।”
লগতে পঢ়কঃ পোলেণ্ডৰ পৰা ওভতাৰ পথত পাকিস্তানৰ আকাশত মোদীৰ বিমান! ক্ষোভ উজাৰিলে ইছলামবাদে
তেওঁ কয়, “যেতিয়া আমি ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰিছিলো তেতিয়া আমাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ যাবলৈ কোৱা হৈছিল। আমি যেতিয়া ছেগুনবাগিচাত মন্ত্ৰালয়লৈ গৈছিলো তেতিয়া তেওঁলোকে অপাৰগতা প্ৰকাশ কৰে।”
তেওঁ লগতে কয়, “যোৱা ১০ দিন ধৰি মই কুমিল্লাৰ পৰা আহি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত ঘুৰা-ফিৰা কৰি আছো। কিন্তু কোনো উত্তৰ পোৱা নাই। ইউৰোপীয় দেশৰ দূতাবাস ঢাকাত থাকিলে বাংলাদেশীয়ে এনেদৰে কষ্ট পাব নালাগিলহেঁতেন।”
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দক্ষিণ এছিয়া বিভাগৰ এগৰাকী বিষয়াই কয় যে, “যোৱা দুসপ্তাহৰ পৰা আমি ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিকৰ পৰা অভিযোগ লাভ কৰি আহিছো। আমি যৎপৰোনাস্তি চেষ্টা কৰিছো। কিন্তু সামগ্ৰিক পৰিস্থিতিৰ বাবে ইয়াক সমাধান কৰাটো কঠিন হৈ পৰিছে।”
ইফালে ভিছা সংকটৰ সমাধানৰ দাবীত দেওবাৰে (২৫ আগষ্ট) ৰাজধানীৰ ছেগুনবাগিচাস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মূল গেটৰ সন্মুখত এদল ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিকে মানৱ শৃংখল গঠন কৰে। তাত থকা একাংশ ছাত্ৰ-ছাত্ৰীয়ে কয় যে পাছপ’ৰ্ট ডেলিভাৰীৰ পিছত বহুতে ৰিজেক্ট হৈ আছে। বাংলাদেশত ভাৰতীয় ভিছাৰ আবেদন অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছো। তদুপৰি কোনো আবেদনকাৰীৰ ভিছা কোনো কাৰণ নোহোৱাকৈ নাকচ নকৰিবলৈ আহ্বান জনাইছো। প্ৰত্যাখ্যানৰ কৰিলে যাতে পৰ্যাপ্ত কাৰণ দিয়া হয়।
চেক গণৰাজ্যত সুযোগ পোৱা মেইন উদ্দিনে কয়, “পোলেণ্ড, পৰ্তুগাল, বুলগেৰিয়া, চেক গণৰাজ্য, ৰোমানিয়া, লিথুৱেনিয়া, হাংগেৰী, অষ্ট্ৰিয়াৰ বাংলাদেশত দূতাবাস নাই। এই দেশবোৰত পঢ়িবলৈ হ’লে তেওঁলোকে ভাৰতত ভাইভা দিব লাগিব। কিন্তু ভাৰতত ভিছা নথকাৰ বাবে তেওঁলোকে দূতাবাসত গৈ সাক্ষাৎকাৰ দিব পৰা নাই। সেয়ে বেছিভাগ শিক্ষাৰ্থীৰে নামভৰ্তি বাতিল হোৱাৰ শংকাই দেখা দিছে।”
লগতে পঢ়কঃ যিবোৰ কথাই ইউ পি এছক দুৰ্বল কৰি তোলে; জানি লওক এই পেঞ্চন আঁচনিৰ সাৰমৰ্ম
টিউচন মাচুল জমা কৰাৰ পিছতো ভাৰতৰ বাবেই বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে বুলিও তেওঁ অভিযোগ কৰে।
তেওঁ লগতে কয়, “যদি ১৫ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত দূতাবাসত সাক্ষাৎকাৰ নিদিয়ে তেন্তে তেওঁলোকৰ নামভৰ্তি বাতিল হ’ব পাৰে। একে সময়তে টিউচন মাচুলৰ জমা ধন ঘূৰাই নিদিয়াৰ আশংকাও আছে। কাৰণ, দূতাবাসৰ পৰা তেওঁলোকে ভিছা লাভ নকৰা উক্ত পত্ৰখন জমা নিদিয়ালৈকে বিশ্ববিদ্যালয়সমূহে ধন ঘূৰাই নিদিবও পাৰে। যদিও পিছত দিয়ে তেন্তে তেওঁলোকে ৩০ৰ পৰা ৪০ শতাংশ কৰ্তন কৰে।’
ইফালে ভাৰতত চিকিৎসা বিচৰা বাংলাদেশী ৰোগীসকলো স্বাস্থ্যজনিত ভয়াৱহ বিপদত পৰিছে। ভিছা নোপোৱাৰ বাবে বহু লোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত ভাৰতলৈ চিকিৎসকৰ ওচৰলৈ যাব পৰা নাই।
তেনে এজন ৰোগী নাজনীন আখতেৰে (৩৩) কয়, “মই তিনিমাহ আগতে কলকাতাৰ এখন চিকিৎসালয়ত আইভিএফ (In Vitro Fertilization) চিকিৎসাৰ বাবে ভাৰতত আছিলো। ৫ ছেপ্টেম্বৰত মোৰ এটা সূচী আছে। মোৰ মেডিকেল ভিছাৰ ম্যাদ উকলি যোৱাৰ বাবে মই বিপদত পৰিছো। এতিয়া আবেদন বন্ধ থকাত ৫ তাৰিখৰ অপাৰেছনক লৈ শংকাত আছো। সেয়া সময়মতে নকৰিলে মোৰ স্বাস্থ্য চৰম বিপদত পৰিব বুলি জনাইছে চিকিৎসকসকলে।”
লগতে পঢ়কঃ খাদ্য খোৱাৰ পিছত কিমান সময় খোজ কাঢ়িব লাগে? জানি লওক প্ৰকৃত তথ্য
আন এগৰাকী ভিছা আবেদনকাৰী তাবজিনা আজিজে কয়, “অহা মাহৰ প্ৰথম সপ্তাহত পেটৰ টিউমাৰৰ ফ’ল’-আপ ট্ৰিটমেণ্টৰ বাবে চেন্নাইলৈ যাব লাগিব। এতিয়া মোৰ ভিছাৰ ম্যাদ নথকাৰ বাবে মোৰ যথেষ্ট বিপদ হৈছে। সোনকালে ভিছা নাপালে মোৰ জীৱন বিপদত পৰিব।”