NORTHEAST NOW (Assamese)
দেশ

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 1, 2023 8:09 pm
protest against NPS

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে আজি দিল্লীৰ ৰামলীলা ময়দানত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে একত্ৰিত প্ৰতিবাদ সাব্যস্ত কৰে।

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰী কৰ্মচাৰীসকলে। নেশ্যনেল মুভমেণ্ট ফৰ অ’ল্ড পেঞ্চন স্কীম (NMOPS) উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী।

এই প্ৰতিবাদত ২০ খনতকৈও অধিক ৰাজ্যৰ চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। পুৰণি পেঞ্চন নীতি পুনৰ কাৰ্যকৰী কৰাৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী কৰ্মচাৰীসকলে।

ইফালে এই প্ৰতিবাদৰ মাজতে কংগ্ৰেছ শাসিত ৰাজ্যসমূহে পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তন কৰিছে বুলি দাবী কৰি কংগ্ৰেছ দলে প্ৰতিবাদলৈ সমৰ্থন আগবঢ়ায়। কংগ্ৰেছে প্ৰতিবাদলৈ মুকলি সমৰ্থন জনাই পুৰণি পেঞ্চন নীতি কৰ্মচাৰীৰ অধিকাৰ বুলি দাবী কৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও পুৰণি পেঞ্চন নীতিৰ প্ৰতি সমৰ্থন জনাই দিল্লী চৰকাৰী কৰ্মচাৰীৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে বুলি মন্তব্য কৰে। নতুন পেঞ্চন নীতিক কৰ্মচাৰীৰ বিৰুদ্ধে অন্যায় আখ্যা দিয়ে কেজৰিৱালে।

পঞ্জাৱৰ আপ চৰকাৰে ৰাজ্যখনত পুৰণি পেঞ্চন নীতি ৰূপায়ণ কৰা বুলি উল্লেখ কৰি কেজৰিৱালে দিল্লীৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও পুৰণি পেঞ্চন নীতি ৰূপায়ণৰ দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি এক ফেচবুক পোষ্টযোগে কেজৰিৱালে সদৰী কৰে।