NORTHEAST NOW (Assamese)
Popular Stories

হাজাৰ বছৰীয়া প্ৰাচীন গুপ্ত ধনৰ সন্ধান! : মাটি খান্দোতে ওলাল শ শ স্বৰ্ণমুদ্ৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 5:04 pm
coin

হাজাৰ বছৰীয়া প্ৰাচীন গুপ্ত ধনৰ সন্ধান লাভ কৰিছে এখন দেশে। মাটি খান্দোতে ওলাল শ শ স্বৰ্ণমুদ্ৰা।

এদল কিশোৰ-কিশোৰীয়ে উদ্ধাৰ কৰিছে এই স্বৰ্ণমুদ্ৰাসমূহ।

যোৱা ১৮ আগষ্টত মধ্য ইজৰাইলৰ এটা নিৰ্মীয়মান আট্টালিকাৰ ভেটি খান্দোতে এই স্বৰ্ণ মুদ্ৰাসমূহ পোৱা গৈছে।

স্বৰ্ণমুদ্ৰাসমূহ এটা পাতৰ দৰে পাত্ৰত ভৰাই থোৱা আছিল। ইয়াৰ পৰা সন্দেহ কৰা হৈছে যে মুদ্ৰাসমূহ পুনৰ উদ্ধাৰ কৰাৰ পৰিকল্পনাৰে উক্ত স্থানত পুতি থোৱা হৈছিল।

কিন্তু মুদ্ৰাসমূহ কিয় উদ্ধাৰ কৰা নহ’ল তাকেলৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

ইজৰাইলৰ এন্টিকুইটিজ কৰ্তৃপক্ষই এই মুদ্ৰাসমূহ আনুমানিক ১,১০০ বছৰ প্ৰাচীন বুলি নিৰ্ণয় কৰিছে।

গুপ্ত ধন উদ্ধাৰ দলত থকা উজ কোহেন নামৰ তৰুণ গৰাকীয়ে কয় “আমি মাটি খান্দি থাকোতে তাতে পাতল পাতৰ দৰে এটা পাত্ৰ দেখা পালো। আৰু ভালকৈ চাই দেখো যে ইয়াৰ ভিতৰত স্বৰ্ণমুদ্ৰা আছে।”

মুদ্ৰা বিশেষজ্ঞ ৰবাৰ্ট কুলে জনাইছে যে ২৪ কাৰাটৰ এই ৪২৫ টা স্বৰ্ণমুদ্ৰাৰ বৰ্তমানৰ মূল্য বহুত বেছি।

তেওঁ লগতে কয় যে পাতৰ দৰে পাত্ৰত থকালৈ চাই এই স্বৰ্ণ মুদ্ৰাবোৰ বাইজেন্টাইন সাম্ৰাজ্যৰ বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে, এই মুহূৰ্তত এই মুদ্ৰাসমূহ অতি দুষ্পাপ্য।