NORTHEAST NOW (Assamese)
অসম

পুখুৰীত গা ধুবলৈ গৈ একেটা পৰিয়ালৰ তিনিটা শিশুৰ সলিল সমাধি

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা October 30, 2019 2:02 pm
Two children drown in Tripura

গোৱালপাৰা জিলাৰ দুধনৈৰ অসম-মেঘালয় সীমান্তৰ মিয়াপাৰাত মঙলবাৰে সন্ধিয়া পুখুৰীত গা ধুবলৈ গৈ তিনিটা শিশুৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

কৰুণ ঘটনাটোত মৃত্যুমুখত পৰা শিশু তিনিজন প্ৰভাত জুৰোৰ পুত্ৰ দীপেন জুৰো(৫), ৰঞ্জয় জুৰোৰ পুত্ৰ ঋষভ জুৰো(৪) আৰু বহাগী জুৰোৰ পুত্ৰ ৰাণবীৰ জুৰো(৬) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, তিনিওটা শিশুৱে আবেলি খেলি আছিল আৰু সেই সময়ত আটাই কেইজনৰে মাকে পথাৰত ধান কাটি আছিল। মাক কেইগৰাকীয়ে ধান কটাত ব্যস্ত হৈ থকাৰ সময়তে শিশু কেইটিয়ে কাষতে থকা পুখুৰীত গা ধুবলৈ গৈ তিনিও টি শিশুৱে পানীত ডুব যোৱাত কৰুণ মৃত্য়যুক সাৱটি লয়।

ইফালে সন্ধিয়া হোৱাত শিশু কেইটাক নেদেখি মাক কেইগৰাকীৰ মাজত বিচাৰ-খোচাৰ লাগে। লগে লগে পুখুৰীৰ পাৰলৈ যোৱাত এটি শিশু উপঙি থকা দেখিবলৈ পায় আৰু তেওঁলোকৰ মাজত হুৱা দুৱা লাগে। পাছত গাঁৱৰ লোক আহি পুখুৰীৰ দ’ পানীৰ পৰা আন দুটি শিশুক উদ্ধাৰ কৰে।

পানীৰ পৰা উদ্ধাৰ কৰি শিশু কেইটাক দুধনৈ চিকিৎসালয়লৈ আনিছিল যদিও ইতিমধ্যে শিশু তিনিটাৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

মৃত দীপেন আৰু ঋষভ মানিকগঞ্জ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ নাৰ্চাৰী শ্ৰেণীৰ ছাত্ৰ আছিল আৰু ৰাণবীৰ জুৰো মেন্দিপথাৰ চেইণ্ট থমাচ হায়াৰ চেকেণ্ডাৰী স্কুলৰ প্ৰথম শ্ৰেণীৰ  ছাত্ৰ আছিল।

উল্লেখ্য যে, নিহত তিনিওটি শিশু একেটা পৰিয়ালৰে আছিল। শিশু কেইটাৰ পিতৃ প্ৰভাত জুৰো, ৰঞ্জয় জুৰো আৰু বহাগী জুৰো আটায়ে ককায়েক-ভনীয়েক।