NORTHEAST NOW (Assamese)
অসম

টীয়কৰ ঐতিহাসিক লাচিত বৰফুকন মৈদামত তিনিদিনীয়াকৈ নাট সমাৰোহ আৰম্ভ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক January 8, 2022 1:16 pm
Drama Festival Teok

অসম নাট্য সন্মিলনৰ সৌমাৰ পীঠ মণ্ডলৰ ৬০ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট সমাৰোহ কালিৰ পৰা যোৰহাট জিলাৰ ঐতিহাসিক হোলোঙাপাৰৰ বীৰ লাচিত বৰফুকনৰ মৈদাম প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে।

অসম নাট্য সন্মিলনৰ যোৰহাট শাখাৰ উদ্যোগত আৰু সামাজিক অনুষ্ঠান আধাৰৰ সহযোগত আয়োজিত এই সমাৰোহৰ প্ৰথম দিনা পতাকা উত্তোলন কৰে সৌমাৰ পীঠ মণ্ডলৰ সভাপতি টুটু বৰুৱাই। স্মৃতি তৰ্পন কৰে তৰুণ চন্দ্ৰ গোস্বামীয়ে।

বিয়লি অনুষ্ঠিত হোৱা নাট সমাৰোহৰ উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামীয়ে।

এই উপলক্ষত প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ ৰংগ মঞ্চ উন্মোচন কৰে টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ কৰবী গগৈ হাজৰিকাই ।

উল্লেখযোগ্য যে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ,  যোৰহাট, মাজুলী আৰু গোলাঘাট জিলাক সামৰি গঠন হোৱা সৌমাৰ পীঠ মণ্ডলৰ নাট সমাৰোহত মুঠ ১২ টা শাখাই যোগদান কৰিছে।

প্ৰথম দিনা ৬ খন নাটক মঞ্চায়ন হোৱাৰ বিপৰীতে আজি মঞ্চায়ন হব ৬ খন নাটক। সামৰণি দিনা প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ উপৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ।