NORTHEAST NOW (Assamese)
অসম

তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শিলচৰ মেডিকেল কলেজৰ কেচিয়াৰক

Posted by: অপৰ্ণা লস্কৰ Updated by: অপৰ্ণা লস্কৰ May 31, 2019 10:29 am
Cashier-cum-Head-Assistant-of-SMCH-Bidyut-Barman-being-produced-in-CJM-court-in-Silchar-on-Thursday

শিলচৰ মেডিকেল কলেজ হস্পিতালৰ খাদ্য যোগানৰ নামত সংঘটিত ৩ কোটি টকীয়া কেলেংকাৰিৰ সৈতে জড়িত পলাতক কেচিয়াৰ বিদ্যৎ বৰ্মনক গ্ৰেপ্তাৰ কৰিছে শিলচৰ আৰক্ষীয়ে। ধৃত কেচিয়াৰ বৰ্মনক ৩০ মে’ অৰ্থাৎ বৃহস্পতিবাৰে শিলচৰ সদৰ আৰক্ষী থানালৈ নি সন্ধিয়া ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

আদালতে অভিযুক্ত কেচিয়াৰ বৰ্মনক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমান ঘুংগুৰ আৰক্ষীৰ জিম্মাত থকা বৰ্মনৰ পৰা উক্ত বৃহৎ কেলেংকাৰি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ সত্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।

ইফালে অভিযুক্ত বৰ্মনে নৰ্থ-ইষ্ট নাওৰ আগত নিজকে নিৰ্দোষী বুলি কোৱাৰ লগতে এই সমগ্ৰ কেলেংকাৰিটোত ষড়যন্ত্ৰ কৰি তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা বুলি মন্তব্য কৰে। তেওঁ কয়, ‘মই প্ৰয়োজনতকৈ অধিক কাম কৰিব লগা হৈছিল সেয়ে ২০১৬ চনত মই পদত্যাগ কৰিছিলো কিন্তু মোৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে। একাউণ্টছ আৰু হস্পিতাল কৰ্তৃপক্ষৰ উপৰি অতিৰিক্তভাৱে আন কিছুমান কামো কৰিব লগা হৈছিল সেয়ে মই পদত্যাগ কৰিব বিচাৰিছিলো। মই চিধা চিধি মানুহ, এই কেলেংকাৰিত অন্য লোক জড়িত আছে, আৰু মই আৰক্ষীৰ আগত সেই লোকসকলৰ নাম সমূহ কম’।

আনহাতে ঘুংগুৰ আৰক্ষী চকীৰ তদন্তকাৰী আৰক্ষী বিষয়া আকবৰ আলীয়ে কয়, ‘পলাতক বৰ্মনক কাছাৰ জিলাৰ কলাইৰ কুৰকুৰিস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ইতিমধ্যে আটক কৰা হৈছে প্ৰাক্তন অধীক্ষক ডাঃ এ এছ বৈশ্যকে ধৰি ৪ জনকৈ লোকক’।

আনহাতে যোৱা ২৮ মে’ত উক্ত কেলেংকাৰি সন্দৰ্ভত শিলচৰ মেডিকেল কলেজ হস্পিতালৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ শিল্পীৰাণী বৰ্মনকো দুঘণ্টাৰ বাবে ঘুংগুৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছিল।

উল্লেখ্য যে শিল্পীৰাণী বৰ্মনে আগতীয়া জামিন লৈছে যদিও তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে উপযুক্ত প্ৰমাণ পালে যিকোনো সময়তে গ্ৰেপ্তাৰ কৰিব।