NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত দুই ক’ভিড প্ৰসূতিক সন্তান প্ৰসৱ কৰাই অনন্য নিৰ্দশন দাঙি ধৰিলে তিনিগৰাকী চিকিৎসকে

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 1, 2021 11:29 am
Covid positive woman gave birth

গোলাঘাটৰ বাবে এটা ভাল খবৰ। যিটো সময়ত ক’ভিড ৰোগীক চিকিৎসকে হেমাহি কৰাৰ খবৰ প্ৰায়েই সংবাদ মাধ্যমত স্থান পাই আহিছে তেনেসময়তে  গোলাঘাটৰ তিনি চিকিৎসকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি চিকিৎসা সেৱাক আৰু এঢাপ ওপৰলৈ তুলিলে।

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ তিনি প্ৰসূতি বিভাগৰ চিকিৎসকে নিজৰ দায়িত্ব সুকলমে পালন কৰি কেৱল নিদৰ্শন দেখুৱাই নহ’য় , জীৱন দান দিলে দুই নৱজাতকক।

ডাঃ গুণ কুমাৰ দলে, ডাঃ চাহিদুল হক আৰু ডাঃ নিপন শ্যাম এই তিনি চিকিৎসকে ক’ভিড যুদ্ধৰ সন্মুখ সমৰত থাকি দাঙি ধৰে এক বিৰল দৃষ্টান্ত।

যোৱা ২৯ আৰু ৩১ মে’ত ভৰ্ত্তি হোৱা  দুই ক’ভিড পজিটিভ প্ৰসূতিক আপাতকালীনভাৱে অস্ত্ৰোপচাৰ কৰি দুটিকৈ সন্তানক পৃথিৱীৰ পোহৰ দেখুৱাবলৈ সক্ষম হ’য়।

সুভদ্ৰা তাঁতী আৰু ৰূপা তাঁতী নামৰ এই ক’ভিড আক্ৰান্ত মহিলা দুগৰাকীৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ অস্ত্ৰোপচাৰ কৰি দুটিকৈ নৱজাতকক জীৱন দান দিয়ে। বৰ্তমান মাতৃসহ দুটি নৱজাতক সুস্থ বুলি জানিব পৰা গৈছে।

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন তামূলীৰ নেতৃত্বত চিকিৎসকৰ দলটোৱে পাঁচগৰাকীকৈ চিকিৎসা কৰ্মীৰ সহযোগত  এই  অস্ত্ৰোপচাৰ সম্পন্ন কৰি  সফলতা লাভ কৰে যিটো এতিয়া সকলো চিকিৎসকৰ বাবেই অনুপ্ৰেৰণা হৈ পৰিছে।