NORTHEAST NOW (Assamese)
অসম

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিজন বিদেশী নাগৰিকক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2020 11:20 am
chennai-bekary-owner-arrested

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিজন বিদেশী নাগৰিকক বুধবাৰে গুৱাহাটীত আটক কৰিছে অসম আৰক্ষীয়ে।

নথি-পত্ৰ নথকাকৈ ভাৰতত প্ৰৱেশ কৰা লোক কেইজন নাইজেৰিয়াৰ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আটক হোৱা বিদেশী নাগৰিক কেইজনক ক্ৰমে নামডি বাৰনাৰ্ড ন’ৱালি, প্ৰিন্স পল আৰু এজ কলিনছ বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে সোধা পোচা কৰাত তেওঁলোকে অবৈধভাৱে বাংলাদেশৰ পৰা ত্ৰিপুৰাত উপস্থিত হোৱা বুলি জনায়।

জানিব পৰা মতে বুধবাৰে বজাৰিচাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে চুৰাইবাৰী চেক পইণ্টত পহৰা দি থকা অৱস্থাত বিদেশী নাগৰিক তিনিজনক আটক কৰে।

আৰক্ষীৰ লোকক তেওঁলোকে কোনো ধৰণৰ বৈধ নথি-পত্ৰ দেখুৱাব নোৱাৰাত আটক কৰে।

ইফালে নাগৰিক তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে অনুসন্ধান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে আৰক্ষীয়ে।