NORTHEAST NOW (Assamese)
অসম

চিৰাঙৰ আমগুৰি থানাত আত্মসমৰ্পণ ডকাইতি কাণ্ডৰে জড়িত তিনি যুৱকৰ

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ April 10, 2022 7:50 am
চিৰাঙৰ আমগুৰি থানাত আত্মসমৰ্পণ ডকাইতি কাণ্ডৰে জড়িত তিনি যুৱকৰ

চিৰাং জিলাৰ আমগুৰি আৰক্ষী থানাত শনিবাৰে যমুনাগুৰি ডকাইতি কাণ্ডৰ লগত জৰিত তিনিজন যুৱকে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা যুৱক তিনিজন হৈছে ক্ৰমে মদন দৈমাৰী, দেৱানন্দ নাৰ্জাৰী আৰু বিসু মুছাহাৰী।

যোৱা ২৯ মাৰ্চত ২ নং যমুনাগুৰিত সংঘটিত হৈছিল এক ডকাইতিৰ ঘটনা। যুৱক তিনিজন উক্ত ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল বুলি কোৱা হৈছে।

যুৱক তিনিজন প্ৰাক্তন এনডিএফবি সদস্য বুলি জানিব পৰা গৈছে।

তেওঁলোকে সংগঠন এৰাৰ পিছতে ধনদাবী, ডকাইতি ইত্যাদি ঘটনাৰ লগত জড়িত হৈ পৰিছিল।

ইতিমধ্যে এই ডকাইতি কাণ্ডৰ লগত জড়িত দুজনৰ অলপতে আৰক্ষীৰ গুলিত মৃত্যু হৈছে।