NORTHEAST NOW (Assamese)
অসম

দৰঙত আৰক্ষীৰ জালত তিনিজনকৈ দুৰ্ধৰ্ষ চোৰাংচিকাৰী; অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Posted by: ময়ুখ গোস্বামী Updated by: ময়ুখ গোস্বামী October 30, 2019 8:39 pm

দৰং আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা অঞ্চলটোৰ দুটা পৃথক স্থানত অভিযান চলাই অস্ত্ৰ-শস্ত্ৰসহ তিনিজনকৈ দুৰ্ধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

ইয়াৰে প্ৰথমটো অভিযানত দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা, উপ-পৰিদৰ্শক টুইংকল গোস্বামীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে জাকিৰ হুছেইন নামৰ এটা দুৰ্ধৰ্ষ চোৰাংচিকাৰীক আটক কৰে।

লগতে আৰক্ষীৰ দলটোৱে ধৃত জাকিৰ হুছেইনৰ ঘৰৰ পৰা দুটা কৈ হস্তনিৰ্মিত ৰাইফল আৰু ৯ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে।

আটকাধীন জাকিৰ হুছেইন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ শ্যামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত জগুৱাৰ চাপৰিৰ নিৱাসী বুলি জানিব পৰা গৈছে।

আনহাতে দৰং জিলাৰ শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা আনটো অভিযানত আৰক্ষীৰ দলটোৱে দুজনকৈ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন চোৰাংচিকাৰী কেইজনক হাৰমতিৰ জালালুদ্দিন আৰু লামডিঙৰ নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে আভিযানকালত তেওঁলোকৰ পৰা এটা পিষ্টল আৰু চাৰি ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে।