NORTHEAST NOW (Assamese)
অসম

বোকাখাত সমষ্টিৰ হাই প্ৰফাইল ভোট কেন্দ্ৰ: এটা কেন্দ্ৰতেই তিনিগৰাকী প্ৰাৰ্থীৰ ভোটদান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 27, 2021 11:32 am
Bokakhat

৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ এখন বিদ্যালয়। বিদ্যালয়খনৰ নাম জ্যোতি বিদ্যাপীঠ ৷ বোকাখাত নগৰৰ পূব সীমান্তত অৱস্থিত জ্যোতিপুৰৰ জ্যোতি বিদ্যাপীঠ নামৰ এই বিদ্যালয়খন আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা সকলোৰে বাবে অতি আকৰ্ষণীয় হৈ পৰিছে ৷

জ্যোতিপুৰ এল পি স্কুলতে ভোট গ্ৰহণৰ বাবে স্থাপন কৰা হৈছে তিনিটাকৈ ভোটগ্ৰহন কেন্দ্ৰ ৷ ৮৪ , ৮৫ আৰু ৮৫ (এ) নং ভোটগ্ৰহণ কেন্দ্ৰ ৷

বিদ্যালয়খনৰ ৮৪ নং ভোটগ্ৰহণ কেন্দ্ৰত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু প্ৰাক্তন বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীয়ে নিজৰ নিজৰ ভোট দান কৰাৰ বিপৰীতে বিদ্যালয় খনৰ সোঁ দিশৰ ৮৫ নং ভোটগ্ৰহণ কেন্দ্ৰত প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু  ৮৫ নং (এ ) কেন্দ্ৰত তেওঁৰ ভাতৃ তথা জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেৱকান্ত গগৈয়ে ভোট দান কৰে ৷

আজি পুৱাতেই বোকাখাত সমষ্টিৰ এজন প্ৰক্তন উপাধ্যক্ষ আৰু তিনিজনকৈ হাইপ্ৰফাইল প্ৰাৰ্থীয়ে ভোটদান কৰে জ্যোতিপুৰ এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত।

অতুল বৰাই তেওঁ পৰিবাৰ আৰু কন্যাক লগত লৈ পুৱাতেই ভোটদান কৰে ৷

৮৪ নং জ্যোতিপুৰ এল পি স্কুলৰ ভোটাৰ সংখ্যা ১০০৭ জন৷ ইয়াৰে ৪৯২ গৰাকী পুৰুষ আৰু ৫১৫ গৰাকী মহিলা ভোটাৰ ৷

একেদৰে ৮৫ নং কেন্দ্ৰত আছে মুঠ ১০৩৮ গৰাকী ভোটাৰ ইয়াৰে ৫২৩ গৰাকী পুৰুষ আৰু ৫১৫ গৰাকী মহিলা ভোটাৰ ৷

এই কেন্দ্ৰৰ মুঠ ১০৩৮ গৰাকী ভোটাৰৰ ৫১৯ গৰাকীয়ে ৮৫ নং কেন্দ্ৰত আৰু বাকী ৫১৯ গৰাকীয়ে ৮৫ (এ) কেন্দ্ৰত ভোট দান কৰিব ৷

আজি পুৱাৰে পৰাই এই কেন্দ্ৰত নিজৰ মতদান সাব্যস্ত কৰিবৰ বাবে ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৷