NORTHEAST NOW (Assamese)

কাশ্মীৰত তুমুল সংঘৰ্ষত নিহত হিজবুলৰ শীৰ্ষ কমাণ্ডাৰকে ধৰি ৩ সন্ত্ৰাসবাদী

May 6, 2022 6:00 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফাইল ফটো।

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা তুমুল গুলীয়াগুলীত তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে।নিহতৰ ভিতৰত হিজবুল মুজাহিদিনৰ শীৰ্ষ কমাণ্ডাৰ মহম্মদ আশ্ৰফ খান ওৰফে আশ্ৰফ মৌলবীও আছে। সংঘৰ্ষস্থলীৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।

বাতৰি অনুসৰি, শুকুৰবাৰে অনন্তনাগ জিলাৰ পহেলগাঁওত হোৱা সংঘৰ্ষত পাকিস্তানৰ সমৰ্থপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ শীৰ্ষ কমাণ্ডাৰ আশ্ৰফ মৌলবীকে ধৰি তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে ।

উপত্যকাটোত হিজবুলৰ দুৰ্ধৰ্ষ কামকাজ চলোৱা আশ্ৰফ মৌলবী নিৰাপত্তাৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাৰ শীৰ্ষ দহজনৰ ভিতৰত আছিল। কোকেৰনাগৰ বাসিন্দা আশ্ৰফে ২০১৩চনত হিজবুলত যোগদান কৰিছিল। সেনাবাহিনীৰ ওপৰত আক্ৰমণকে ধৰি বহু হত্যাৰ ঘটনাৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদীজন।

লগতে পঢ়ক: বিজেপি নেতাক গ্ৰেপ্তাৰ; পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলি দিল্লী আৰক্ষীৰ এজাহাৰ!

উল্লেখ্য যে যোৱা এপ্ৰিলত এক সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছিল লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ ইউছুফ কান্তৰোকে ধৰি দুজন সন্ত্ৰাসবাদী। তাৰ পূৰ্বে কেন্দ্ৰীয় শাসিত চোপিয়ান জিলাৰ দবগামত নিৰাপত্তাৰক্ষীৰ গুলীত কমেও ৪জন সন্ত্ৰাসবাদী নিহত হৈছিল। সেই ঘটনাত দুজন সেনা জোৱানেও প্ৰাণ হেৰুৱাইছিল।      

Related News