NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাত বিজেপি কৰ্মীৰ আক্ৰমণত চিকিৎসাধীন তিনিগৰাকী আই পি এফ টিৰ সমৰ্থক

Posted by: পিনাকী দাস Updated by: পিনাকী দাস April 24, 2019 7:33 am
IPFT-workers-

পূব ত্ৰিপুৰা লোকসভা সমষ্টিটোৰ বাবে মঙলবাৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ সময়ত গান্দাচাৰা মহকুমাৰ তিনিগৰাকী আই পি এফ টিৰ কৰ্মীক বিজেপি কৰ্মীৰ দ্বাৰা বেয়াকৈ মাৰধৰ কৰা ঘটনাই অঞ্চলটোত এক চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

মাৰপিটত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা আই পি এফ টিৰ কৰ্মী তিনিজনক লগে লগে গান্দাচাৰা হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন নতুঞ্জয় চাকমা, এটাৰাম ৰিয়াং আৰু হেমেন্দ্ৰ ৰিয়াঙে অভিযোগ কৰা অনুসৰি তেওঁলোকক বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰিছিল।

ইফালে এই ঘটনাৰ লগত জড়িত মূল ব্যক্তিসকলক যদি প্ৰশাসনে আটক কৰি শাস্তি প্ৰদান কৰিব নোৱাৰে তেন্তে পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে ঢাল খাব বুলি ধাৰণা কৰা হৈছে।

আনহাতে এতিয়াও অঞ্চলটোৰ পৰিৱেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। যদিহে প্রশাসনে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি নোতোলে তেন্তে অঞ্চলবাসীয়ে যিকোনো মূহুৰ্ততে যিকোনো কাৰ্য সংঘটিত কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সহযোগী দল আই পি এফ টিয়ে এইবাৰৰ লোকসভা নিৰ্বাচনত ত্ৰিপুৰাৰ দুয়োটা সমষ্টিৰে পৰা নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আৰু এই সিদ্ধান্তৰ পিছৰে পৰা ৰাজ্যখনত বিজেপি আৰু আই পি এফ টিৰ কৰ্মীৰ সংঘাত তীব্ৰতৰ হৈ পৰিছিল।