NORTHEAST NOW (Assamese)
অসম

অসমত ক’ভিডত মৃত্যুৰ সংখ্যা ১০১লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2020 8:04 pm
12 more Covid19 patients die in Assam on Saturday

আৰু তিনিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত শনিবাৰে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যত ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা ১০১লৈ বৃদ্ধি পাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কাছাৰৰ মৰ্নিং পহলেং (৪০) আৰু লীলা পাল (৭০) আৰু গোলাঘাটৰ হীৰামন ঠাকুৰ (৬৮)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰৰ দিনটোত চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ ফলত মুঠ মৃতকৰ সংখ্যা ৯৮লৈ বৃদ্ধি পাইছিল।

১৮৬২গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে ১২৭৭গৰাকী।

টেষ্টৰ তুলনাত অসমত ক’ভিড পজিটিভৰ হাৰ হ্ৰাস পাইছে।

শুকুৰবাৰলৈকে ২৪ ঘণ্টাত ৩৮,৩২৪টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভৰ হাৰ ৪.৮৫%।

ইফালে অসমত মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা ৩০,৩৫৭গৰাকীলৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৮১১গৰাকী।

আনহাতে অসমত শুকুৰবাৰলৈকে ৪০,২৬৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।