NORTHEAST NOW (Assamese)
অসম

কেবিনেটৰ সিদ্ধান্ত: গুৱাহাটীত হ’ব আৰু তিনিখন নতুন উৰণীয়া সেঁতু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2022 5:03 pm

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত আৰু তিনিখন উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ’ব। অসম কেবিনেটে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিলচৰত অসম মন্ত্ৰীসভাৰ এক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

এই নতুন উৰণীয়া সেঁতু হ’ব ডাউন টাউন হস্পিটেল, ফটাশিল গড়চুক আৰু কুমাৰপাৰা-ফটাশিলৰ ওচৰত।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমত কেইবাটাও নতুন প্ৰকল্প ঘোষণা কৰিছিল।

প্ৰকল্পসমূহৰ ভিতৰত আছে সমগ্ৰ অসমত কমেও দহখন উৰণীয়া সেঁতু আৰু পথ অ’ভাৰব্ৰীজ।

নতুন দলং আৰু উৰণীয়া সেঁতুবোৰ কঠিয়াতলি, বৰঘাট, ডিমৌ, ৰহা আৰু বাইহাটাত স্থাপন কৰা হ’ব।

সেইদৰে, শিমলাগুৰি, বঙাইগাঁও শোধনাগাৰ, চাপাগুৰি, পাঠশালা আৰু জাগীৰোডতো উৰণীয়া সেঁতু আৰু দলং স্থাপন কৰা হ’ব।