NORTHEAST NOW (Assamese)
অসম

নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ তিপ্ৰাৰ তিনিগৰাকী কেডাৰক গ্ৰেপ্তাৰ

Posted by: তন্ময় চক্ৰবৰ্তি Updated by: তন্ময় চক্ৰবৰ্তি January 2, 2020 10:47 am

ত্ৰিপুৰাৰ ধৰ্মনগৰ আৰক্ষীয়ে যোৱা নিশা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ তিপ্ৰা (NLFT)ৰ তিনিগৰাকী কেডাৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ কবলৰ পৰা এটা ৯এম এম পিষ্টল আৰু ৬জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।

ধৃত বিদ্ৰোহী গোটৰ সদস্য কেইগৰাকীক ক্ৰান্তি মাৰাক, শমপৰাই দেববৰ্মা আৰু ফেনিজয় ৰেয়াং বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ মতে লোককেইজন শিলচৰৰ পৰা আহিছিল।পানীসাগৰ ৰে’ল ষ্টেশ্যনৰ পৰা আৰক্ষীয়ে তেওঁলোকক আটক কৰাৰ সময়ত এজনে তাৰ পৰা পলায়ন কৰে যদিও পিছত আৰক্ষীয়ে তেওঁক ধৰ্মনগৰ ৰে’ল ষ্টেশ্যনত ধৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি সংসদত কা’ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে ৰেবটি ত্ৰিপুৰাক NLFTৰ বিদ্ৰোহীয়ে হত্যাৰ ভাবুকি দিছিল। উক্ত ৩জন কেডাৰ ইয়াত জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

ধৃত কেডাৰ কেইজন ৰাজ্যখনৰ বিভিন্ন স্থানত চলা ধন দাবীৰ সৈতে জড়িত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আজি কেডাৰ কেইগৰাকীক আদালতত হাজিৰ কৰোৱা হ’ব।