NORTHEAST NOW (Assamese)
অসম

নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে গোচৰ ৰুজু

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 28, 2021 8:04 pm
dog

আজি শিৱসাগৰ সদৰ থানাত বীৰ লাচিত সেনা, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ সন্মিলনীয়ে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে পথ নিৰ্মাণৰ দুমাহৰ পিছতেই চিৰা চিৰে ফটাৰ দৃশ্য ইতিমধ্যে আমি আগৰ প্ৰতিবেদনত প্ৰকাশ কৰিছিলো। পথটো এতিয়া একাঠু পানীৰ তলত। পথটোৰ ওপৰত থকা দলঙৰ দুয়োটা মূৰ খহি যোৱাৰ লগতে চিৰা চিৰে ফাটিছে পেভাৰ ব্লক পথটো।

দুদিনপূৰ্বে নৰ্থইষ্ট নাওৰ এক প্ৰতিবেদনত শিৱসাগৰ জিলাৰ পানবেচাৰ চেনীমৰাৰ পৰা অফলা সংযোগী প্ৰায় ১.৮৪ কিলোমিটাৰ পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সবিস্তাৰে বাতৰি প্ৰচাৰ কৰা হৈছিল।

অতি নিম্নমানৰ কাম কৰা ঠিকাদাৰ বি কে মজিকা, সেই সময়ৰ কাৰ্যবাহী অভিযন্তা মহেন্দ্ৰ শইকীয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা সীমান্ত তামুলী আৰু কনিষ্ঠ অভিযন্তা ৰচিদ আলিৰ বিৰুদ্ধে আজি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে তিনি জাতীয় সংগঠনে।

তিনি সংগঠনৰ এজাহাৰ দাখিলৰ পিছত মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব।