NORTHEAST NOW (Assamese)

ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ক’ৰ’না আক্ৰান্ত পাকিস্তানৰ তিনিগৰাকী ক্ৰিকেটাৰ

June 22, 2020 10:53 pm · এন ই নাও নিউজ
পাকিস্তানী ক্ৰিকেটাৰ তিনিগৰাকী

ইংলেণ্ডৰ সৈতে চলিত মাহত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট শৃংখলাৰ পূৰ্বে উক্ত শৃংখলাৰ বাবে নিৰ্বাচিত হোৱা পাকিস্তানৰ ২৯ জনীয়া ক্ৰিকেট দলৰ তিনিগৰাকী সদস্য ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ক’ৰ’না আক্ৰান্ত হোৱা পাকিস্তানী ক্ৰিকেটাৰ তিনিগৰাকী হৈছে ক্ৰমে- বেগী বলাৰ হাৰিছ ৰৌফ, অলৰাউণ্ডাৰ শ্বাহদাব খান আৰু বেটছমেন হাইদৰ আলী।

ক’ৰ’না আক্ৰান্ত হোৱা তিনিওগৰাকী ক্ৰিকেটাৰকে বৰ্তমান সময়ত আইছোলেশ্যনত ৰখা হৈছে।

পাকিস্তান ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি ক’ৰ’না আক্ৰান্ত হোৱা ক্ৰিকেটাৰ সকলে পৰীক্ষাৰ অন্তত ক’ৰ’না নিগেটিভ হোৱাৰ পাছতহে দলৰ সৈতে যোগদান কৰিব পাৰিব।

পাকিস্তান ক্ৰিকেট দলৰ তিনিগৰাকী খেলুৱৈ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে প্ৰস্তাৱিত ইংলেণ্ড আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট শৃংখলাক লৈ প্ৰশ্নৰ উদয় হৈছে।

উল্লেখযোগ্য যে, ২১ জুনত বাংলাদেশ ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ মোশ্ৰাফী মোৰটাজাও ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমান সময়ত বিশ্বত ক্ৰিকেটৰ লগতে অন্যান্য ক্ৰীড়া প্ৰতিযোগিতা সমূহ প্ৰায় বাতিল হৈছে।

Related News