NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত তিনিজনক আটক

Posted by: এন ই নাও নিউজ April 28, 2019 2:54 pm
যোৰহাটৰ সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত তিনিজনক আটক

নলবাৰী, তিনিচুকীয়াৰ পিছতে যোৰহাটত সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকা তিনিজনক আৰক্ষীয়ে আটক কৰে। ইয়াৰে জ্যোতিপ্ৰসাদ দাস নামৰ যুৱকজনে আক্ৰমণ কৰিছিল যোৰহাটৰ এটা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ৰাজীৱ বৰাক। আৰু আটকাধীন আন দুজন যুৱকে জ্যোতিপ্ৰসাদক সহায় কৰিছিল। অৱশ্যে বাতৰি লিখা পৰলৈকে আটকাধীন আন দুজন যুৱকৰ নাম জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে নলবাৰী, তিনিচুকীয়াৰ পিছতে শনিবাৰে নিশা যোৰহাটত সাংবাদিক ৰাজীৱ বৰাক এটা ৫-৬ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছিল। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা ৰাজীৱ বৰা এটা ব্যক্তিগত বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক।

শনিবাৰে নিশা যোৰহাটৰ ড’চ এণ্ড কোম্পানীৰ সমীপতে দুৰ্বৃত্তই বৰাক আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত বৰাই মূৰত আঘাত পায়। ফলত তেওঁক যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।