NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ ননৈত পিষ্টল আৰু গুলীসহ তিনিজনক আটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ September 22, 2018 6:42 am
1a91e070-b5a9-4de0-bbe1-e5ce81defcdf

নগাঁও জিলাৰ ননৈত শুকুৰবাৰে আৰক্ষীয়ে ৫ জাই গুলীসহ এটা ৭.৬৫ পইন্টৰ পিষ্টল জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ তিনিজনক লোকক আটক কৰে।

আটকাধীন ব্যক্তি কেইজন হৈছে চহিদুল ৰহমান, ছলমান উদ্দিন আৰু ফিৰোজা বেগম। ননৈ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত গুলীসহ পিষ্টল জব্দ হোৱাৰ লগতে লোক কেইজনক আটক কৰে।

নগাঁৱৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডবকালৈ এ এছ ০২ কে ৪৪৫১ নম্বৰৰ এখন নে’ন গাড়ীৰে গৈ থকা অৱস্থাতে আৰক্ষীয়ে মাৰণাস্ত্ৰসহ দলটোক আটক কৰে।

আৰক্ষীয়ে দলটোক আটক কৰাৰ পিছত জেৰা অব্যাহত ৰাখিছে যদিও সৱিশেষ জানিব পৰা হোৱা নাই। অৱশ্যে স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি এয়া কোনো ডকাইতিৰ ঘটনাৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, এগৰাকী মহিলাও আটক হোৱাৰ ঘটনাই বিষয়টোৱে আন সম্ভাৱনাৰ দিশো উন্মোচিত কৰাৰ সম্ভাৱনা আছে। আৰক্ষীৰ তদন্তই শীঘ্ৰেই প্ৰকৃত সত্য উদ্ঘাটন হ’ব বুলি ৰাইজে আশা ব্যক্ত কৰিছে।