NORTHEAST NOW (Assamese)

মৰাণৰ চেপন তিনিআলিত দুৰ্ঘটনাত নিহত তিনিজন, ৮ বছৰীয়া শিশুসহ আহত তিনিজন

December 22, 2018 1:00 pm · এন ই নাও নিউজ
Updated: December 22, 2018 1:01 pm

ডিব্ৰুগড় জিলাৰ মৰাণৰ চেপন তিনিআলিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে এটি শিশুসহ গুৰুতৰভাৱে আহত হয় আন তিনিজন লোক। আঘাতপ্ৰাপ্ত শিশুসহ আহত তিনিওজনকে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত তাৎক্ষণিকভাৱে এ এম চি এইচত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাটোত শোকাৱহভাৱে নিহত কেইজনক টংকেশ্বৰ চাংমাই, গোলাপী চাংমাই আৰু মনোজ দত্ত বুলি চিনাক্ত কৰাৰ লগতে গুৰুতৰভাৱে আহত কেইজনক মুনমী গগৈ, অৰূপ গগৈ আৰু সৌৰভ বৰা (৮) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে এখন মাৰুতী ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related News