NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত নিশা চাঞ্চল্যকৰ ঘটনা; দুই ফৈদৰ মাজৰ সংঘৰ্ষত আহত তিনিজন

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ August 23, 2022 10:41 am
কলিয়াবৰত নিশা চাঞ্চল্যকৰ ঘটনা; দুই ফৈদৰ মাজৰ সংঘৰ্ষত আহত তিনিজন

কলিয়াবৰত নিশা সংঘটিত হোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চোকা অস্ত্ৰৰে দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষত আহত হৈছে তিনিজন লোক।

কলিয়াবৰৰ দেউৰী-চিলাবন্ধাৰ সমীপৰ শালপাৰাত নিশা সংঘটিত হয় এই ঘটনা।

নিশা ঘৰ অভিমুখী ভাতৃদ্বয় চিন্টু শইকীয়া আৰু পিংকু শইকীয়াৰ সৈতে চোকা অস্ত্ৰৰে সংঘৰ্ষত লিপ্ত হয় ৰাজেন নাথ নামৰ লোকজন।

তৰ্কা-তৰ্কিত লিপ্ত হৈয়েই এটা সময়ত দুই ফৈদৰ মাজত চোকা অস্ত্ৰৰে সংঘৰ্ষ হয়।

ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ আহত তিনি ব্যক্তিক প্ৰথমতে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে।

গুৰুতৰভাৱে আহত ব্যক্তি তিনিজনক পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।