NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত তিনি চোৰাং চিকাৰীক গ্ৰেপ্তাৰ: জব্দ মাৰণাস্ত্ৰসহ জন্তুৰ দেহৰ অংশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2023 6:00 pm
poachers held

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পেঙেৰী অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি চোৰাং চিকাৰীক। ধৃত চোৰাং চিকাৰী কেইগৰাকীক অনিল ক’য়া, জুগনু ওৰাং আৰু তুৰ্কু মুণ্ডা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, অভিযানৰ সময়ত চোৰাং চিকাৰী কেইগৰাকীৰ পৰা চিকাৰত ব্যৱহৃত মাৰণাস্ত্ৰসহ কেইবাটাও জন্তুৰ শৰীৰৰ অংশও জব্দ কৰা হৈছে।

তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক আৰু পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল।

অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে চাৰিটা হাতেৰে নিৰ্মিত ৰাইফল, বন্যপ্ৰাণীৰ ছাল আৰু তিনিটা হৰিণৰ শিঙাল মূৰ উদ্ধাৰ কৰে।

সূত্ৰ অনুসৰি, লখিমপথাৰ সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণী চিকাৰীৰ এটা দল দীৰ্ঘদিনৰ পৰা সক্ৰিয় হৈ আছে।

এই দলটোৰ জৰিয়তে অৰণ্যৰ পৰা মূল্যবান গছ সৰবৰাহ, জীৱ-জন্তুৰ চোৰাং চিকাৰ এক সাধাৰণ ঘটনাত পৰিণত হৈছে।

এগৰাকী স্থানীয় লোকৰ মতে প্ৰায় সময়তে বন্যপ্ৰাণী সৰবৰাহকাৰীয়ে গছ কাটিবলৈ অৰণ্যত প্ৰৱেশ কৰে। এনে অপৰাধ ৰোধ কৰিবলৈ এক শক্তিশালী ব্যৱস্থাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে।