NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ঘোষণা কৰা হ’ল ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা : ৩ জন বিজ্ঞানীয়ে লাভ কৰিলে এই বঁটা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2025 5:22 pm

বুধবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ঘোষণা কৰে যে ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা। ৰসায়ন বিজ্ঞানৰ বাবে এইবাৰ তিনিগৰাকী বিশিষ্ট বিজ্ঞানীয়ে এই বঁটা লাভ কৰিছে।

২০২৫ চনত ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰা বিজ্ঞানী কেইজন হৈছে চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন, আৰু ওমৰ এম।

ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে কম্পিউটেচনেল প্ৰটিন ডিজাইনৰ বাবে ডেভিদ বেকাৰে আৰু প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণীৰ বিষয়ে কৰা কামৰ বাবে ডেমিছ হাছাবিছ আৰু জন জাম্পাৰে ২০২৪ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।