NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত নকল নোটসহ তিনি সৰবৰহাকাৰীক গ্ৰেপ্তাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 10, 2024 7:56 pm
গুৱাহাটীত নকল নোটসহ তিনি সৰবৰহাকাৰীক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে গুৱাহাটী আৰক্ষীয়ে ভুৱা নকল নোটসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

সূত্ৰ অনুসৰি, গোপন খবৰৰ ভিত্তিত বিশেষ টাস্ক ফ’ৰ্চে দিছপুৰৰ বৰমতৰীয়া অঞ্চলৰ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত অভিযান চলায়।

অভিযানৰ সময়ত আৰক্ষীয়ে নকল নোট প্ৰচলনৰ সৈতে জড়িত বুলি সন্দেহ কৰা তিনিজন লোকক আটক কৰে।

জানিব পৰা মতে, অভিযুক্ত দুজন লখিমপুৰৰ নুৰ আলম, চাহিদুল আলম আৰু দৰঙৰ বাসিন্দা মুন্না আহমেদ।

ব্যক্তি কেইজনৰ পৰা ১৪ হাজাৰ টকাৰ নকল নোট আৰক্ষীয়ে জব্দ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ পৰা এখন বাহন, অন্যান্য সামগ্ৰীৰ লগতে ছটা মোবাইল ফোনো জব্দ কৰা হৈছে।