NORTHEAST NOW (Assamese)
অসম

আলফা স্বাধীনত আৰু এটা আঘাত : আন তিনিজন কেডাৰ অসম আৰক্ষীৰ জালত

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী May 15, 2019 1:10 pm
ULFA (I) Cadre

শেহতীয়াকৈ ইটোৰ পিছত সিটো বিপৰ্য্যয়ৰ সন্মুখীন হোৱা আলফা (স্বাঃ)ৰ ওপৰত আন এটা আঘাত হানি নিৰাপত্তা বাহিনীয়ে সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ তিনিজনকৈ কেডাৰক আটক কৰিছে।

তিনিচুকীয়া জিলাৰ তৰানি সংৰক্ষিত বনাঞ্চলৰ পৰা ১৪ মে’ত আটক কৰা আলফা কেডাৰকেইজন হ’ল ক্ৰমে স্বয়ম্ভু লেন্স কৰ্প’ৰেল বুবুল মৰাণ ওৰফে টাইগাৰ অসম, স্বয়ম্ভু লেন্স কৰ্প’ৰেল বিনন্দ দহোটীয় ওৰফে স্বদেশ অসম, আৰু চন্দ্ৰকান্ত বৰগোহাঁই ওৰফে তিপং অসম।

তেওঁলোকৰ পৰা বহুকেইটা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা বুলি সেনাৰ সূত্ৰৰ দাবী।

সূত্ৰটোৱে জনোৱা মতে যোৱা প্ৰায় এপষেক ধৰি চোৰাংচোৱাৰ পৰা কেডাৰকেইজনৰ অৱস্থান সম্পৰ্কত খবৰ পাই আছিল।

শেহতীয়াকৈ তিনিওজনে ভাৰত-ম্যানমাৰ সীমা পাৰ হৈ অহা বুলি জানিব পৰাৰ পিছতে আৰক্ষী আৰু সেনাই তেওঁলোকক ধৰিবলৈ কৌশল কৰি পৰিয়ালকেইটাৰ সৈতে যোগাযোগ কৰে। আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ বাবে পৰিয়ালকেইটাৰ জৰিয়তে হেঁচা দিয়া হৈছিল বুলি সূত্ৰটোৱে জনায়।

এনেকুৱা কৌশলৰ বাবেই তিনিওজনে সেনা আৰু আৰক্ষীক কোনো প্ৰতিৰোধ আগ নবঢ়াই ধৰা দিয়ে, সূত্ৰটোৰ দাবী।