NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰত গ্ৰেপ্তাৰ আলফা(স্বা)ৰ তিনি সদস্য

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 14, 2024 12:55 pm

শুকুৰবাৰে শোণিতপুৰ জিলাত ধন দাবীৰ অভিযোগত এগৰাকী মহিলাসহ তিনি গৰাকী আলফা(স্বা)ৰ সদস্যক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গোপন সূত্ৰৰ ভিত্তিত মিছন চাৰিআলিত এজo9ন ব্যৱসায়ীক ধন দাবী কৰাৰ সময়তে আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত লোক কেইজন হৈছে সঞ্জীৱ বৰুৱা ওৰফে গজেন্দ্ৰ অসম, তেখেতৰ পত্নী বেংডাং জংশিলা আৰু ভবেশ কলিতা।

উল্লেখ্য যে ২০০৯ চনত নিষিদ্ধ সংগঠনটোত যোগদান কৰা সঞ্জীৱ বৰুৱা আৰু ভবেশ কলিতাক ২০১৬ আৰু ২০২৩ চনত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত জামিনত মুকলি কৰি দিয়া হৈছিল।