NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত নিশা ব্লেক মেনৰ আতংক,তীব্ৰ উত্তেজনা, তিনিজনক কৰায়ত্ব

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 25, 2021 8:49 pm
bun

বঙাইগাঁৱত পুনৰ  ক’লা মানুহৰ আতংক ৷ বঙাইগাঁও চহৰৰ কচাইপট্টীত নিশা ইয়াকে লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷

প্ৰাপ্ত বাতৰি অনুসৰি নিশা তিনিজন যুৱকক বঙাইগাঁও চহৰৰ ৰে’লৱে অল্ড কলনীৰ প্ৰিয় গুপ্তা মেম’ৰিয়েল হলৰ ওচৰত সন্দেহ জনক ভাবে ঘূৰি থকা অৱস্থাত কচাইপট্টীৰ স্থানীয় ৰাইজে চোৰ বুলি মাৰধৰ কৰে ৷

ইয়াৰ পিছত যুৱক তিনিজনে পলায়ন কৰি এটি কালভাৰ্টৰ তলত আশ্ৰয় লয় ৷ কিন্তু স্থানীয় ৰাইজে কালভাৰ্টৰ তলৰ পৰা উদ্ধাৰ কৰি পুনৰ মাৰধৰ কৰি কচাইপট্টীত লৈ আহি এটি কোঠাৰ ভিতৰত তিনিওজন যুৱকক আবদ্ধ কৰি ৰাখি আৰক্ষীক খবৰ দিয়ে ৷

ইপিনে স্থানীয় একাংশ ৰাইজৰ মাজত এই ঘটনা ক’লা মানুহ ওলোৱা বুলি প্ৰচাৰ হোৱাত আতংকৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিৰ মাজত শ শ লোক ৰাজপথলৈ ওলাই আহি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷

ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে আৰু অধিক উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ অৱশ্যে বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ উত্তেজনামূলক পৰিস্থিতিৰ মাজতে ৰাইজে আৱদ্ধ কৰি ৰখা তিনিওজন যুৱকক নিজৰ জিম্মাত লবলৈ সক্ষম হয় আৰু ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি থানালৈ নিয়ে ৷

আৰক্ষীৰ জিম্মাত  লোৱা যুৱক তিনিজন হৈছে ৰিংকু প্ৰসাদ ৰাউত , নয়ন চক্ৰৱৰ্তী আৰু আজুৱ খান ৷ ইয়াৰে তিনি জনৰ ভিতৰত ৰিংকু প্ৰসাদ ৰাউত আৰু নয়ন চক্ৰৱৰ্তী গভাইত চোৰ বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ৷

আনজন যুৱক আয়ুৱ খানৰ বিৰুদ্ধে  অপৰাধমূলক কাম-কাজৰ লগত জড়িত থকাৰ কোনো তথ্য  লাভ কৰা নাই ৷

জানিব দিয়া মতে ৰিংকু আৰু নয়নে আয়ুৱৰ ঘৰত চিনাকি হিচাপে গৈ নিজৰ পোচাক সলনি কৰিছিল ৷