NORTHEAST NOW (Assamese)

টিকটৰ মূল্য মাত্ৰ ৯৯ টকা : চৰাই পুৱাতে চাবলৈ পাব ‘ৰৈ ৰৈ বিনালে’

October 28, 2025 6:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 28, 2025 6:08 pm

অসমীয়া চলচ্চিত্ৰ জগতত ইতিহাস সৃষ্টি কৰি জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ অহা ৩১ অক্টোবৰত মুক্তি লাভ কৰিবলৈ সাজু হৈছে। তেজপুৰত ছবিখনে এক নতুন অধ্যায়ৰ সূচনা কৰিব, য’ত দৰ্শকসকলে প্ৰথমবাৰৰ বাবে পুৱা ৫ বজাত চৰাইৰ মাততে ছবি উপভোগ কৰাৰ সুবিধা পাব।

তেজপুৰৰ মুঠ পাঁচটা ছবিগৃহত ৩১ অক্টোবৰৰ পুৱা ৫ বজাত ছবিখন মুকলি কৰা হ’ব। ছবিগৃহত পুৱাৰ দৰ্শনীৰ পূৰ্বে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব।

ছবিখনৰ প্ৰি-বুকিঙে অভিলেখ সৃষ্টি কৰাৰ বাবে টিকটৰ মূল্য বৃদ্ধি হোৱাৰ বাতৰি প্ৰকাশ পাইছে। কিন্তু তাৰ মাজতে, তেজপুৰৰ আই এম পি ছবিগৃহত ১ নৱেম্বৰৰ পুৱা ৮ বজাৰ দৰ্শনীৰ টিকট মাত্ৰ ৯৯ টকাত উপলব্ধ কৰা হৈছে। এই দৰ্শনী অৰ্থৰ অভাৱত ছবিখন চাবলৈ অসুবিধা পোৱা লোকসকলৰ বাবে মুকলি কৰা হৈছে বুলি পৰিচালকে জানিবলৈ দিয়ে।

আই এম পি ছবিগৃহৰ পৰিচালক চম্পক দাসৰ মতে, তেওঁলোকে এই মূল্যত সৰ্বমুঠ ১৫ টা দৰ্শনী চলোৱাৰ সিদ্ধান্ত লৈছে আৰু অহা ৬ নৱেম্বৰলৈকে সকলো দৰ্শনীৰ বুকিং শেষ হৈছে। এই ছবিগৃহত টিকটৰ সাধাৰণ মূল্য ১০০ টকাৰ পৰা ৩০০ টকালৈ নিৰ্ধাৰিত।

তেজপুৰ মিছন চাৰিআলিৰ টি এন জি চিনেমাজতো পুৱা ৫ বজাৰ পৰা দৰ্শনী মুকলি কৰা হৈছে। আনহাতে, পুৰণা ছবিগৃহ অনোৱাৰত পুৱা ৯ বজাৰ পৰা দৰ্শনী আৰম্ভ হ’ব আৰু ইয়াৰো সকলো বুকিং শেষ হৈছে বুলি স্বত্বাধিকাৰী জুনেইদ আহমেদে জানিবলৈ দিয়ে।

উল্লেখ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ ৪৩ দিনৰ দিনা জুবিন গাৰ্গৰ হেঁপাহৰ ছবিখন দৰ্শকৰ মাজলৈ আহিব।

আই এম পি ছবিগৃহৰ এগৰাকী মহিলা কৰ্মচাৰী লীলাৱতী ডেকাই অনুৰাগীসকলক অনুৰোধ জনাইছে যে- ছবিখনৰ সৈতে প্ৰতিজন মানুহৰ আৱেগ জড়িত হৈ আছে, কিন্তু কোনো দৰ্শকে যেন আৱেগিক হৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে।

Related News