NORTHEAST NOW (Assamese)

সমতলৰ হাবি এৰি কিয় নেপালৰ পৰ্বতত উঠিল শীত বেযা পোৱা ৰয়েল বেংগল টাইগাৰে ?কি কয় পৰিবেশবিদে

December 12, 2020 7:15 pm · এন ই নাও নিউজ
Updated: December 12, 2020 7:25 pm

বাঘে, বিশেষকৈ ৰয়েল বেংগল টাইগাৰে সাধাৰণতে উচ্চ পাৰ্বত্যভূমিৰ সলনি সমতলৰ হাবিতহে থাকি ভালপায় যদিও শেহতীয়াকৈ তাৰ ব্যতিক্ৰম দেখা গ’ল নেপালত।

নেপালৰ সুউচ্চ পৰ্বতৰ ওপৰত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গ’ল ৰয়েল বেংগল টাইগাৰ।

নেপালৰ ৩০০০ মিটাৰ উচ্চতাত ৰয়েল বেংগল টাইগাৰে বিচৰণ কৰি থকাৰ দৃশ্যই প্ৰকৃতিপ্ৰেমীসকলক আনন্দিত কৰি তোলাৰ বিপৰীতে বিমৰ্ষ কৰি তুলিছে পৰিবেশবিদসকলক।

নেপাল চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে দেশ খনৰ ইলাম জিলাৰ ৩১৬৫ মিটাৰ উচ্চতাত দেখা পোৱা গৈছে ৰয়েল বেংগল টাইগাৰ।

সেই অঞ্চলত পূৰ্বৰে পৰা লগাই থোৱা কেমেৰাত বন্দী হৈছে বাঘৰ ছবি।ইয়াৰ আগতে সেই অঞ্চলত কেতিয়াও বাঘ দেখা পোৱা যোৱা নাছিল বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰিছে।

ইপিনে পৰ্বতৰ ইমান বেছি উচ্চতাত বাঘৰ উপস্থিতি ধৰা পৰাকলৈ চিন্তিত হৈ পৰিছে পৰিবেশবিদসকল।

কাৰণ সুউচ্চ শীতল ঠাইত কেতিয়াও ৰয়েল বেংগল টাইগাৰে বাস নকৰে।পৰিস্থিৰ সৈতে খাপ খাব নোৱাৰিয়েই এই বাঘে সমতলৰ হাবি এৰি পৰ্বতত উঠা বুলি বহু পৰিবেশবিদে মন্তব্য কৰিছে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই বাঘে নিজৰ বাসস্থান সলাই শীতল ঠাই বিচাৰি পৰ্বতৰ সুউচ্চ স্থানলৈ ধাৱমান হোৱা বুলি পৰিবেশবিদসকলে কৈছে।

এয়া প্ৰকৃতিৰ বাবে অশনি সংকেত বুলিও তেওঁলোকে মন্তব্য কৰিছে।

Related News