NORTHEAST NOW (Assamese)
অসম

বিগত ২৫ বছৰে ভাৰাঘৰত চলি থকা টিহু উন্নয়ন খণ্ডৰ কাৰ্যালয়ে শীঘ্ৰে পাব স্থায়ী ঠিকনা

Posted by: এন ই নাও নিউজ September 4, 2018 7:55 am
MLA Pabindra DEka File Photo

নলবাৰী জিলাৰ টিহু উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ কাম-কাজ চলি আছে নগৰৰ ভাৰাঘৰত। কিন্তু অতি শীঘ্ৰে ১০ কোটি টকা ব্যয় সাপেক্ষে টিহুৰ মথপৰাপুৰত নিৰ্মাণ কৰা হ’ব কাৰ্যালয়টোৰ স্থায়ী গৃহ। এই কথা জানিবলৈ দিয়ে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই।

টিহুৰ বৰগাঁও-মথুৰাপুৰ-ৰণাকুছি নৱোদয় মধ্য ইংৰাজী বিদ্যালয়ত ‘বিধায়ক পুঁজি’ৰ পাঁচলাখ টকা অনুদানেৰে বিদ্যালয়গৃহৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি বিধায়ক ডেকাই কয় যে টিহুৰ মথুৰাপুৰ গাঁৱত চৰকাৰীভাৱে আবণ্টিত প্ৰায় ১৮ বিঘা ভূমিত এই কাৰ্যালয়টো নিৰ্মাণ কৰা হ’ব।

স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাৰ এই ঘোষণাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। কিয়নো ১৯৯৩ চনৰ পৰা বিগত ২৫ বছৰ ধৰি অৰ্থাৎ আজি পৰ্যন্ত টিহু নগৰৰ ভাৰাঘৰত চলি আছে টিহু উন্নয়ন খণ্ডৰ কাৰ্যালয়।

বৰগাঁও-মথুৰাপুৰ-ৰণাকুছি নৱোদয় মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শচীন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক ডেকাই পাটাছাৰকুছি সমষ্টিৰ টিহু নগৰকে ধৰি টিহু মৌজাৰ বাট-পথৰ পুনৰ নিৰ্মাণ অহা অক্টোবৰৰ পৰা দ্ৰুতগতিত আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে।

ইয়াৰ উপৰি বিধায়কজনে তেওঁৰ সমষ্টিৰ বাট-পথকে ধৰি স্বাস্থ্যখণ্ড আদিৰ উন্নয়ন আগতকৈ ক্ষীপ্ৰ গতিত হোৱা বুলিও উক্ত অনুষ্ঠানতে তথ্যসহকাৰে ৰাইজৰ আগত দাঙি ধৰে।