NORTHEAST NOW (Assamese)

টিহুৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ আন এজন অভিযুক্তক আটক

October 27, 2018 7:00 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

নলবাৰী জিলাৰ টিহুত ২৪ অক্টোবৰৰ নিশা সংঘটিত দলবদ্ধ বলাত্‍কাৰৰ ঘটনাৰ সৈতে জড়িত আন এগৰাকী অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

আটকাধীন লোকজনৰ নাম কিশোৰ মোহন দাস। তেওঁক বাক্সা জিলাৰ মুছলপুৰৰ গলবিলৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উক্ত যুৱকজনৰ এল্ট’ বাহনত দলবদ্ধ ধৰ্ষণকাণ্ডটো সংঘটিত হৈছিল।

উল্লেখযোগ্য যে যোৱা ২৪ অক্টোবৰত টিহুৰ নাথকুচিত বজাৰলৈ গৈ থকা অৱস্থাত এগৰাকী বিবাহিতা মহিলাক ৫ গৰাকী যুৱকে এ এছ-০১-ডি জি-৩০৫৬ নম্বৰৰ এল্ট’ গাড়ীত উঠাই  দলবদ্ধভাৱে ধৰ্ষণ কৰি পিছত হাত-ভৰি বান্ধি কৰ্কাবাৰীৰ হাবিত পেলাই থৈ গৈছিল।

৫ গৰাকীকৈ যুৱকৰ দ্বাৰা সংঘটিত উক্ত জঘন্য ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে কিশোৰ মোহন দাসৰ উপৰি নুৰুল আলী আৰু বকুল নাথ নামৰ আন দুগৰাকী যুৱকক আটক কৰিছে।

অৱশ্যে ঘটনাৰ সৈতে জড়িত দলটোৰ আন ২ গৰাকী সদস্য ক্ৰমে ৰূপধন আলী আৰু মেৰাজুল আলীক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই টিহু আৰক্ষী।

Related News