NORTHEAST NOW (Assamese)
Popular Stories

ড্ৰ’নৰ জৰিয়তে ঘৰে ঘৰে পাণ মছলা যোগান ধৰা দুজন লোকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 7:57 pm
ab493f30b1e369c1c9b6657a09897b47

গুজৰাটৰ মোৰৱী অঞ্চলত এখন ড্ৰ’নৰ জৰিয়তে পাণ মছলা যোগান ধৰাৰ কথা পোহৰলৈ অহাত সমগ্ৰ দেশজুৰি এই বিষয়টোৱে তীব্ৰ চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে এখন ড্ৰ’নৰ জৰিয়তে ঘৰে ঘৰে পাণ মছলা দিয়া এটা ভিডি‍অ’টো চ’চিয়েল প্লেটফৰ্ম টিকটকৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল। আৰু ইয়াৰ লগে লগে একাংশ সচেতন লোকে এই বিষয়ে আৰক্ষীক অভিযোগ দিয়ে।

অভিযোগ পোৱাৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই লকডাউনৰ সময়ত প্ৰশাসনৰ নিয়ম ভংগ কৰি এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ঘৰে ঘৰে পাণ মছলা যোগান ধৰাৰ বাবেই লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি টাইমছ অব ইণ্ডিয়াৰ এটা বাতৰিত প্ৰকাশ পাইছে।

বাতৰিটোত এই কথাও উল্লেখ আছে যে কেনেদৰে কিছু লোকে অবৈধ তথা চোৰাংভাৱে মদ আৰু চিগাৰেট বিক্ৰী কৰি টকা উপাৰ্জন কৰি আছে।