NORTHEAST NOW (Assamese)
অসম

টি-২০ত শতকৰ হেট্ৰিক তিলক ভাৰ্মাৰ! মাত্ৰ ৬৬টা বলতে ১৫১ ৰান কৰি গঢ়িলে অভিলেখৰ পাহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2024 3:19 pm

দুৰ্দান্ত ফৰ্মত আছে তিলক ভাৰ্মা। দক্ষিণ আফ্ৰিকাৰ বলাৰসকলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি একেৰাহে দুটা শতক অৰ্জন কৰে। ইয়াৰ পিছত আইচিচিৰ ৰেংকিঙত ৬৭ৰ পৰা একেবাৰে ৩লৈ উন্নীত হয়। কিন্তু তিলক ভাৰ্মা তাতেই থমকি ৰোৱা নাই।

শনিবাৰে টি-২০ ফৰ্মেটত ক্ৰমাগত তৃতীয়টো শতক অৰ্জন কৰে তাৰকা বেটছমেনগৰাকীয়ে। চৈয়দ মুস্তাক আলী ট্ৰফীত খেলিছিল তিলকে। হায়দৰাবাদৰ জাৰ্চি পিন্ধি মেঘালয়ৰ বিৰুদ্ধে ৬৭ বলত ১৫১ ৰানৰ বিধ্বংসী ইনিংছ খেলিলে। তেওঁ ১৪টা বাউণ্ডেৰী আৰু ১০টা অভাৰ বাউণ্ডেৰী মাৰে।

টি-২০ত শতকৰ হেট্ৰিক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় তিলক ভাৰ্মা। টি-২০ত ১৫০ প্লাছ কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপেও পৰিগণিত হয়। শ্ৰেয়াছ আয়াৰক অতিক্ৰম কৰিলে। যিয়ে এতিয়ালৈকে ভাৰতীয় হিচাপে টি-২০ত ১৪৬ ৰান কৰি ব্যক্তিগত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল।

চৈয়দ মুস্তাক আলী ট্ৰফীত হায়দৰাবাদে প্ৰথম বেটিং কৰে। তিনি নম্বৰ স্থানত বেটিং কৰে তিলক ভাৰ্মাই। তেওঁ ২৮টা বলত অৰ্ধশতক অৰ্জন কৰে। মাত্ৰ ৫১টা বলত শতকত উপনীত হয়। মুঠতে মাত্ৰ ১০ দিনৰ ভিতৰতে টি-২০ত একেৰাহে তিনিটা শতকৰে হেট্ৰিক অৰ্জন কৰে তিলকে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকা ভ্ৰমণত গৈ চেঞ্চুৰিয়ান আৰু জোহান্সবাৰ্গত বেক টু বেক দুটা শতক অৰ্জন কৰে। তেওঁ সঞ্জু চেমছনৰ পিছত একেৰাহে দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

তিলক-সঞ্জুৰৰ বেটিঙৰ বাবেই ভাৰতে দক্ষিণ আফ্ৰিকাক ৩-১ গ’লত পৰাস্ত কৰে। মুঠতে ২২ বছৰীয়া তাৰকা বেটছমেনগৰাকীয়ে ৯০টা টি-২০ ইনিংছত মুঠ ২৯৫০ ৰান সংগ্ৰহ কৰিছে। মেগা নিলামৰ পূৰ্বেই মুম্বাই ইণ্ডিয়ানছে ফৰ্মত থকা তিলকক ৰিটেইন কৰিছিল।