NORTHEAST NOW (Assamese)
অসম

’এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ‘, চিকিৎসালয়ৰ পৰা ওলাই সাংবাদিকক ক’লে বংগৰ অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 29, 2022 5:45 pm

’মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে’, এই মন্তব্য পশ্চিমবংগৰ অপসাৰিত মন্ত্ৰী পার্থ চেটার্জীৰ৷

আজি স্বাস্থ্য পৰীক্ষ্ষাৰ বাবে চিকিৎসালয়লৈ অনাৰ সময়তে চেটার্জীয়ে এনেদৰে কয়৷ তেওঁ কয় যে তেওঁ এটা ষড়যন্ত্ৰৰ ভুক্তভোগী হৈছে। তেওঁ লগতে কয়, “মমতা বেনাৰ্জীৰ সিদ্ধান্ত সঠিক “। তৃণমূল চৰকাৰে তেওঁক সকলো পদৰ পৰা আঁতৰাই দিয়াৰ পিছত, পাৰ্থৰ মন্তব্যক ৰাজনৈতিক মহলৰ এটা অংশই যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে।

পাৰ্থ আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জী, যাক গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল, আজি দুপৰীয়া প্ৰায় ১২ বজাত শাৰীৰিক পৰীক্ষাৰ বাবে এখন পৃথক বাহনত ইএছআই চিকিৎসালয়ত উপস্থিত হৈছিল। চিকিৎসালয়ত প্ৰৱেশ কৰোঁতে পাৰ্থে কয়, “মই ষড়যন্ত্ৰৰ বলি হৈছো”। মন্ত্ৰিত্বকে ধৰি তৃণমূলৰ (টিএমচি) সকলো পদ হেৰুওৱাৰ পিছত পাৰ্থ চেটাৰ্জীয়ে প্ৰথমবাৰৰ বাবে নিৰৱতা ভংগ কৰিলে।

ইফালে, চিকিৎসালয়ৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে অৰ্পিতা মুখাৰ্জী কান্দোনত ভাগি পৰে। গাড়ীখনৰ পৰা তেওঁ নামিব নিবিচাৰিছিল। অৰ্পিতাই গাড়ীৰ পৰা নামিবলৈ চেষ্টা কৰাৰ সময়তে গাড়ীৰ পৰা বাগৰি পৰে। তেওঁক পিছত হুইলচেয়াৰত গাড়ীলৈ লৈ যোৱা হয়। অৰ্পিতাই তেতিয়াও কান্দিয়েই আছিল। অৰ্পিতাক আজি মানসিকভাৱে বিধ্বস্ত ইৱস্থাত দেখা যায়।