NORTHEAST NOW (Assamese)
অসম

কোভিডত মৃত্যু তিৰুমালা তিৰুপতি মন্দিৰৰ পুৰোহিতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2020 4:18 pm
ttd temple-1

ক’ৰ’ণা ভাইৰাছে মহা আতংকৰ সৃষ্টি কৰা দেশত এতিয়া বহু লোকে এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈ মত্যুক সাৱটি ল’বলগীয়া হৈছে।

আজি প্ৰখ্যাত তিৰুমালা তিৰুপতি মন্দিৰৰ এগৰাকী পুৰোহিতৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে।

মৃত্যু ঘটা পুৰোহিত গৰাকীৰ নাম শ্ৰীনিবাসাচাৰিয়ুলু।

৪৫ বছৰীয়া পুৰোহিত গৰাকীয়ে বিগত প্ৰায় এসপ্তাহ ধৰি অসুস্থ হৈ আছিল।

জ্বৰ,কাঁহকে ধৰি ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হ’লে যিবোৰ উপসৰ্গই দেখা দিয়ে সেই সকলো বোৰ উপসৰ্গই পুৰোহিত গৰাকীৰ দেহত দেখা দিছিল।

অসুস্থ হৈ পৰা পুৰোহিত গৰাকীক শ্ৰীভেংকটেশ্বৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল।

যোৱা নিশাৰে পৰা পুৰোহিত গৰাকীয়ে উশাহ-নিশাহত কষ্ট পাবলৈ ধৰে আৰু আজি মৃত্যুক সাৱটি লয়।

ইয়াৰ পূৰ্বেও যোৱা ২০ জুলাইত তিৰুমালা মন্দিৰৰ আন এগৰাকী পুৰোহিতৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল।

ক’ৰ’ণাতংকৰ বাবে বন্ধ হৈ থকা তিৰুমালা তিৰুপতি মন্দিৰ যোৱা ১১ জুলাইত সাধাৰণ ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছিল।

প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটা মন্দিৰটোত পিছে ক’ৰ’ণাতংকৰ বাবে এতিয়াও পৰ্যাপ্ত সংখ্যক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হোৱা নাই।