NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্মীয় বিশ্বাসৰ লগত আপোচ কৰা নহ’ব! তিৰুপতিৰ অহিন্দু ৰীতি-নীতি পালন কৰা ১৮ জন লোকক শাস্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2025 6:50 pm
ধৰ্মীয় বিশ্বাসৰ লগত আপোচ কৰা নহ’ব! তিৰুপতিৰ অহিন্দু ৰীতি-নীতি পালন কৰা ১৮ জন লোকক শাস্তি

অহিন্দু কৰ্মচাৰীৰ বিৰুদ্ধে তিৰুপতি পৰিচালনা সমিতিৰ ব্যৱস্থা। ১৮ জন অহিন্দু কৰ্মচাৰীক অৱসৰ লবলৈ কোৱা হৈছে। মন্দিৰ আৰু ধৰ্মীয় বিশ্বাস ৰক্ষাৰ বাবে এই পদক্ষেপ লোৱা বুলি কোৱা হৈছে।

১৮ গৰাকী কৰ্মচাৰীয়ে তিৰুপতি উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে তিৰুপতিত অন্য ধৰ্মৰ নীতি-নিয়মও পালন কৰাৰ অভিযোগ উত্থাপন কৰে। তদন্ত আৰম্ভ হয় আৰু তাৰ পাছত তিৰুমালা তিৰুপতি দেৱস্থানম বা তিৰুপতিৰ পৰিচালনা সমিতিয়ে ১৮ জন লোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

তাৰ পাছত বৰ্ডে ঘোষণা কৰিলে যে হয় ১৮ জন লোকক আন ঠাইলৈ বদলি কৰা হব নহয় আগতীয়াকৈ অৱসৰ লবলৈ কোৱা হব। এই দুটা পথৰ ভিতৰত এটা বাছি লব লাগিব। তদুপৰি কোনো হিন্দু ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।