শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

জলবায়ু কৰ্মী সোণম ৱাংচুক বৰ্তমান দিল্লীৰ চফদৰজং চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এনে সময়তে তেওঁৰ পত্নী গীতাঞ্জলি জে আংমোৱে তেওঁৰ হৈ আইনী যুঁজৰ নেতৃত্ব দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখযোগ্য যে নিট পৰীক্ষা বাতিলৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মৃত্যু আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা খেলিমেলিৰ প্ৰতিবাদত ৱাংচুকেই ২৮ জুনৰ পৰা ২১ দিনীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তাৰ পিছতে শনিবাৰে দিল্লী আৰক্ষীয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে আংমোৱে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। এই আবেদনত ৱাংচুকক চফদৰজং চিকিৎসালয়ৰ পৰা তেওঁৰ নিজৰ পচন্দৰ আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ দাবী জনোৱা হৈছে।
গীতাঞ্জলি জে আংমো কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, তেওঁ এগৰাকী সমাজকৰ্মী, শিক্ষাবিদ আৰু প্ৰতিষ্ঠান নিৰ্মাতা। তেওঁ বিশেষকৈ লাডাখৰ হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছৰ সহ-প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু ডীন হিচাপে পৰিচিত। নীতি আয়োগৰ তৰফৰ পৰা ৱুমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটা লাভ কৰা আংমোৱে উদ্যোগ, শিক্ষা আৰু সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। ইয়াৰ উপৰিও তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী চিভনিং ফেলো আৰু বহনক্ষম সামাজিক পৰিৱৰ্তনৰ লক্ষ্যৰে আৰম্ভ কৰা ট্ৰেন্সফৰ্ম ইণ্ডিয়া নামৰ প্ৰকল্পটোৰো প্ৰতিষ্ঠাপক।
ওড়িশাৰ বালেশ্বৰৰ এটা পাঞ্জাবী জৈন ব্যৱসায়ী পৰিয়ালত জন্মগ্ৰহণ কৰা গীতাঞ্জলিৰ পৰিয়ালৰ মূল শিপা লাহোৰত আছিল। দেশ বিভাজনৰ সময়ত তেওঁৰ ককাদেউতাক লাহোৰৰ পৰা আহিছিল। তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ভুৱনেশ্বৰৰ জেভিয়াৰ ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ পৰা এম বি এ সম্পূৰ্ণ কৰে। কৰ্পোৰেট জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰা গীতাঞ্জলিয়ে মেনেজমেণ্ট কন্সালটিং ক্ষেত্ৰত ছবছৰ অতিবাহিত কৰিছিল। পিছলৈ তেওঁ কোপেনহেগেনস্থিত এটা ভাৰতীয় বহুজাতিক কোম্পানীৰ মাৰ্কেটিং বিভাগৰ নেতৃত্ব দিছিল। অৱশ্যে অতি সোনকালেই তেওঁৰ মন ব্যৱসায় আৰু উদ্যোগৰ প্ৰতি ঢাল খায়। পৰৱৰ্তী ডেৰ দশকত আংমোৱে অভিযান্ত্ৰিক প্ৰতিষ্ঠান পুশান প্ৰজেক্টছ, প্ৰকাশন গোষ্ঠী হেলিঅ‘ছ বুকছ আৰু পুডুচেৰীৰ ঔম হাস্পাতাল আদি বিভিন্ন প্ৰতিষ্ঠান গঢ়ি তোলে। তেওঁ চাংহাই পাৱাৰ প্ৰজেক্টছ লিমিটেডৰ দৰে প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল।
উদ্যোগ আৰু শিক্ষাৰ উপৰিও আংমো এগৰাকী আধ্যাত্মিক সাধক আৰু সামগ্ৰিক বিকাশৰ পৃষ্ঠপোষক। শ্ৰী অৰবিন্দৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ বেদান্ত আৰু ভগৱদ্গীতাৰ শিক্ষা প্ৰদান কৰে। তেওঁৰ পাৰদৰ্শিতা কেৱল শিক্ষা আৰু ব্যৱসায়তে সীমাবদ্ধ নহয়। কাৰাটিক কলাত ব্লেক বেল্ট লাভ কৰা আংমো এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ওডিছী নৃত্যশিল্পী আৰু তেওঁ ইউক্ৰেইনৰ কিভত ৰাছিয়ান বলশ্বয় বেলে নৃত্যৰো শিক্ষা গ্ৰহণ কৰিছিল। ভাৰতৰ সামাজিক আৰু উন্নয়নমূলক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২২ চনত নীতি আয়োগে ৭৫ গৰাকী ব্যতিক্ৰমী মহিলাৰ সৈতে আংমোক ৱুমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটাৰে সন্মানিত কৰিছিল।