NORTHEAST NOW (Assamese)
অসম

তৃণমূল কংগ্ৰেছৰ মূল সপোন “মা-মাটি আৰু মানুহ” : ৰিপুন বৰা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী May 4, 2022 2:36 pm

তৃণমূল কংগ্ৰেছৰ মূল সপোন তথা শ্ল’গান হৈছে “মা-মাটি আৰু মানুহ। নিজৰ ৰাজ্যখনক আমি মা বুলি অভিহিত কৰিছো। নিজৰ ৰাজ্যখন সকলোৰে বাবে মাতৃ সদৃশ।

মাটিৰ মৰ্য্যদা সুৰক্ষা আৰু সেই মাটিৰ মানুহৰ মাজত প্ৰেম ভাতৃত্ব আৰু জাতীয়তাবোধ আৰু স্বাভিমান সকলো সুৰক্ষিত কৰাই এই শ্ল’গানৰ উদ্দেশ্য”।

ইপিনে, উক্ত সংবাদমেলতে মূল্যবৃদ্ধি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৰিপুণ বৰাই।

তেওঁ কয়, “মূল্যবৃদ্ধিৰ বাবে পৰিবহণ ব্যয় বাঢ়িছে। বৰ্তমান দেশত এনে কোনো বস্তু নাই যাৰ দাম বঢ়া নাই। ১৭ মাহত ৬.৯৫ শতাংশ খুচুৰা মূল্য বাঢ়িছে।“

ৰিজাৰ্ভ বেংকৰ এক সমীক্ষাত এই তথ্য প্রকাশ বুলি উল্লেখ কৰে ৰিপুন বৰাই।

স্বাধীনতাৰ পিছত মোদীৰ শাসনকালতে সামগ্ৰীৰ সৰ্বাধিক মূল্যবৃদ্ধি হৈছে বুলি দাবী কৰি ৰিপুন বৰাই লগতে কয় “চৰকাৰে ক্রয় ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা নাই। এমাহত ১৮ বাৰকৈ পেট্র’ল-ডিজেলৰ দাম বাঢ়িছে। নিৰ্বাচন হৈ যোৱা ৫খন ৰাজ্যত পেট্র’ল-ডিজেলৰ দাম বৃদ্ধি হৈছে।

ভেট নকমোৱাৰ বাবে এই মূল্যবৃদ্ধি। বিজেপি চৰকাৰে ৮ বছৰত ২৭ লাখ কোটি টকা সংগ্রহ কৰিছে। পেট্র’ল-ডিজেলৰ আবকাৰী কৰ বঢ়াই দি এই ধন সংগ্রহ কৰিছে।“

“২০২২ত আমাৰ পৰা ল’লে ১ লাখ ২৫ হাজাৰ কোটি টকাৰ কৰ।

এবেগ সাৰত ১৫০ টকা বৃদ্ধি কৰি ৩৬ হাজাৰ কোটি টকা সংগ্রহ। টোল টেক্সৰ জৰিয়তে ২০২১-২২ত ২৮,৪৫৮ কোটি টকা সংগ্রহ। পুনৰ ১৮% টোল টেক্স বৃদ্ধি কৰি ৩৯ হাজাৰ কোটি টকা সংগ্রহৰ লক্ষ্য।

জীৱন দায়িনী ঔষধৰ পৰা ১০ হাজাৰ কোটি টকা সংগ্রহৰ লক্ষ্য।“ বৰাই লগতে এইদৰে কয়।

ইপিনে, দৰিদ্র আৰু অৱসৰপ্রাপ্ত কৰ্মচাৰীকো চৰকাৰে ৰেহাই দিয়া নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় “হাউচিং ঋণ লোৱাসকলে অতিৰিক্তভাৱে আয়কৰ দিব লাগিব”।