NORTHEAST NOW (Assamese)
অসম

পঞ্জাৱৰ ম’হালিত হ’বলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিঙৰ বাবে অসমৰ পুৰুষ-মহিলা দল ঘোষণা

Posted by: এন ই নাও নিউজ November 14, 2018 10:56 am
Boxing

পঞ্জাৱৰ ম’হালীত অহা ১২ৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্ৰতিযোগিতা। ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম বক্সিং সন্থাই। মঙলবাৰে অসম বক্সিং সন্থাই গুৱাহাটী ছাই কেন্দ্ৰত এক বাছনি শিৱিৰৰ আয়োজন কৰি প্ৰতিযোগিতাখনৰ বাবে পুৰুষ-মহিলা উভয় শাখাৰে বক্সিং দল দুটা নিৰ্বাচিত কৰে।

ৰাষ্ট্ৰীয় জুনিয়ৰ প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত পুৰুষৰ দলটোত স্থান পাইছে ক্ৰমে ৪৬-৪৮ কিলোগ্ৰামত জুবিন কলিতা, ৪৮-৫০ কিলোগ্ৰামত অবিনাশ গগৈ, ৫০-৫২ কিলোগ্ৰামত বাদল ছাহু, ৫২-৫৪ কিলোগ্ৰামত ওম বাহাদুৰ প্ৰধান, ৫৪-৫৭ কিলোগ্ৰামত ৰানছাই বসুমতাৰী, ৫৭-৬০ কিলোগ্ৰামত ইমদাদ হুছেইন আৰু ৬০-৬৩ কিলোগ্ৰামত হামতাছৰ বসুমতাৰী।

পুৰুষ দলটোৰ বাবে প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে ইনামূল হুছেইন আৰু দীপজ্যোতি কচাৰীয়ে। আনহাতে মণ্টু ইনজাল আৰু পিংকু কলিতাক মেনেজাৰৰ দায়িত্ব প্ৰদান কৰা হৈছে।

ইফালে মহিলা দলটোৰ বাবে নিৰ্বাচিত হৈছে ৪৪-৪৬ কিলোগ্ৰামত প্ৰিয়ংকা বৰা, ৪৬-৪৮ কিলোগ্ৰামত পি এছ মণ্টাছা কুমাৰী, ৪৮-৫০ কিলোগ্ৰামত অমিশা কুমাৰী ভাৰতী, ৫০-৫২ কিলোগ্ৰামত খুছি লামা, ৫২-৫৪ কিলোগ্ৰামত বিলি মুছাহাৰী, ৫৭-৬০ কিলোগ্ৰামত বাৰ্বি গগৈ, ৬০-৬৩ কিলোগ্ৰামত সুষ্মিতা নাৰ্জাৰী, ৮০ কিলোগ্ৰামত চয়নিকা বৰা আৰু ৮০ কিলোগ্ৰাম উৰ্ধ্বত ইলোৰা বৰগোহাঁই।

বাছনি শিৱিৰত উপস্থিত থাকি অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই দল দুটা ঘোষণা কৰে। ইফালে মঙলবাৰে দল বাছনি অনুষ্ঠানতেই যোৱা এক আৰু দুই নৱেম্বৰত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক বক্সিং সন্থা (আইবা)ৰ সাধাৰণ পৰিষদৰ সভাত ভাৰতীয় বক্সিং সন্থাক প্ৰতিনিধিত্ব কৰি অংশ লোৱা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাক সম্বৰ্ধনা জনোৱা হয়। উত্তৰ-পূৱৰ  প্ৰথম হিচাপে এইবাৰ কংগ্ৰেছত অংশ লয় কলিতাই।